নেশ্যনেল ডেস্ক, ৫ জুন:দেশৰ চাৰিওফালে পালন কৰা হৈছে বিশ্ব পৰিৱেশ দিৱস (World Environment Day) । এই বিশেষ দিনটোত দেশবাসীক উদ্দেশ্যি ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ বিশেষ টুইট । ৰাষ্ট্ৰপতিগৰাকীৰ মতে প্ৰকৃতিৰ সৈতে সামঞ্জস্য ৰাখি জীয়াই থকাটো আৰু জৈৱ বৈচিত্ৰ্য সুৰক্ষিত কৰি ৰখাটো ভাৰতীয় লোকাচাৰ আৰু সংস্কৃতিৰ মূল ।
প্ৰকৃতিৰ সৈতে সামঞ্জস্য ৰাখি বাস কৰাটো ভাৰতীয় নীতিৰ মূল: ৰাষ্ট্ৰপতি
বিশ্ব পৰিৱেশ দিৱস উপলক্ষে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে শনিবাৰে কয় যে প্ৰকৃতিৰ সৈতে সামঞ্জস্য ৰাখি জীয়াই থকাটো ভাৰতীয় লোকাচাৰ আৰু সংস্কৃতিৰ মূল ।
বিশ্ব পৰিৱেশ দিৱস
তেওঁৰ মতে মানৱজাতিয়ে ক'ভিডৰ বিৰুদ্ধে যুঁজ দিয়াৰ সময়ত এক বহনক্ষম ভৱিষ্যতৰ বাবে বিশ্ব সম্প্ৰদায়ৰ সৈতে কাম কৰাৰ প্ৰতিশ্ৰুতি পুনৰ নিশ্চিত কৰা উচিত । ইফালে বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখিয়ে পুনৰ দেশবাসীয়ে বৃহৎ সংখ্যক গছপুলি ৰোপণ কৰি প্ৰকৃতি সংৰক্ষণৰ আন এক দৃষ্টান্ত দাঙি ধৰিছে ।
লগতে পঢ়ক:মাউতৰ মৃত্যুত শেষ শ্ৰদ্ধাঞ্জলি জনালে পল্লট ব্ৰহ্মদাথনে