অসম

assam

By

Published : Mar 10, 2022, 11:16 AM IST

Updated : Mar 10, 2022, 12:51 PM IST

ETV Bharat / bharat

Election 2022 results : পাঁচ ৰাজ্যৰ নিৰ্বাচনী ফলাফলৰ প্ৰতি মূহুৰ্তৰ খবৰ

live updates of five state general election
live updates of five state general election

12:47 March 10

এন বিৰেন সিঙৰ বৃহৎ জয়

মণিপুৰৰ মুখ্যমন্ত্ৰী এন বিৰেন সিঙৰ জয়লাভ ৷ প্ৰায় 18 হাজাৰ ভোটৰ ব্যৱধানত কংগ্ৰেছ প্ৰাৰ্থী পি এছ সিঙৰ পৰাস্ত কৰে বিৰেন সিঙে ৷ JDU দলৰো এজন প্ৰাৰ্থীৰ জয়লাভ ৷

11:57 March 10

গোৱাৰ নিৰ্বাচনী খবৰ

পানাজী সমষ্টিত মনোহৰ পাৰিকৰৰ পুত্ৰ উৎপল পাৰিকৰ পৰাজিত ৷ গোৱাত বৰ্তমানলৈ বিজেপিয়ে 3 খন আসনত আৰু কংগ্ৰেছে 1খন আসনত জয়লাভ কৰিছে ৷ এতিয়ালৈকে বিজেপিয়ে 18 খনত, কংগ্ৰেছ 13 খনত, তৃণমূল কংগ্ৰেছ 5 খনত, AAP 1 খনত আৰু অন্যান্যই 3 খন আসনত অগ্ৰগতি লাভ কৰিছে ৷

11:47 March 10

পঞ্জাৱৰ নিৰ্বাচনী খবৰ

পঞ্জাৱত দুজন প্ৰাৰ্থীৰ জয়লাভ ৷ কংগ্ৰেছ দলৰ এজন আৰু বিজেপি দলৰ এজন প্ৰাৰ্থীয়ে জয়লাভ কৰিছে পঞ্জাৱত ৷ বৰ্তমানলৈকে কংগ্ৰেছে 15 খনত, AAP 89 খনত, শিৰোমণি আকালী দলে 8 খনত, বিজেপিয়ে 4 খনত আৰু অন্যান্যই 1 খন আসনত অগ্ৰগতি লাভ কৰিছে ৷

11:43 March 10

মণিপুৰৰ নিৰ্বাচনী খবৰ

মণিপুৰত প্ৰায় 8000 ভোটৰ ব্যৱধানত আগবাঢ়ি আছে মুখ্যমন্ত্ৰী এন বিৰেন সিং ৷ বৰ্তমানলৈকে মণিপুৰত বিজেপিয়ে 25 খনত, কংগ্ৰেছে 11 খনত, NPP য়ে 13 খনত JD(U) য়ে 3 খনত আৰু অন্যান্যই 8 খনত অগ্ৰগতি লাভ কৰিছে ৷

11:26 March 10

গোৱাৰ নিৰ্বাচনী খবৰ

গোৱাত তিনিখন আসনৰ ফলাফল ঘোষণা ৷ দুখন আসনত বিজেপি আৰু এখন আসনত কংগ্ৰেছৰ জয়লাভ ৷

10:59 March 10

বৃহস্পতিবাৰে পুৱাৰে পৰা আৰম্ভ হৈছে দেশৰ পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ভোট গণনা (Five state election counting) ৷ উত্তৰপ্ৰদেশ, উত্তৰাখণ্ড, পঞ্জাৱ, গোৱা আৰু মণিপুৰত অনুষ্ঠিত হৈছিল বিধানসভা নিৰ্বাচন ৷ পুৱা 8 বজাৰ পৰা আৰম্ভ হৈছে ভোট গণনা ৷

উত্তৰ প্ৰদেশত 403 খন আসনৰ বাবে অনুষ্ঠিত হৈছিল বিধানসভা নিৰ্বাচন ৷ বৰ্তমানলৈকে ভোট গণনাত বিজেপিয়ে 264 খন আসনত অগ্ৰগতি লাভ কৰিছে ৷ সমাজবাদী পাৰ্টীয়ে 122 খন আসনত অগ্ৰগতি লাভ কৰিছে ৷ বহুজন সমাজবাদী পাৰ্টীয়ে 6 খনত, কংগ্ৰেছে 2 খনত আৰু অন্যান্যই 9 খন আসনত অগ্ৰগতি লাভ কৰিছে ৷

উত্তৰাখণ্ডৰ মুঠ বিধানসভা আসনৰ সংখ্যা 70 খন ৷ বৰ্তমানলৈকে বিজেপিয়ে 46 খনত, কংগ্ৰেছে 22 খনত, অন্যান্যই 2 খনত অগ্ৰগতি লাভ কৰিছে ৷

পঞ্জাৱৰ মুঠ বিধানসভা আসনৰ সংখ্যা 117 খন ৷ বৰ্তমানলৈকে কংগ্ৰেছে 12 খনত, আম আদমী পাৰ্টীয়ে 89 খনত, শিৰোমণি আকালী দলে 11 খনত, বিজেপিয়ে 5 খনত আৰু অন্যান্যই 1 খন আসনত অগ্ৰগতি লাভ কৰিছে ৷

মণিপুৰৰ মুঠ বিধানসভা আসনৰ সংখ্যা 60 খন ৷ বৰ্তমানলৈকে বিজেপিয়ে 25 খনত, কংগ্ৰেছে 12 খনত, NPP য়ে 10 খনত, অন্যান্যই 13 খনত অগ্ৰগতি লাভ কৰিছে ৷

গোৱাৰ মুঠ বিধানসভা আসনৰ সংখ্যা 40 খন ৷ বৰ্তমানলৈকে বিজেপিয়ে 18 খনত, কংগ্ৰেছে 12 খনত, তৃণমূল কংগ্ৰেছে 5 খনত, আম আদমী পাৰ্টীয়ে 1খনত আৰু অন্যান্যই 4 খনত অগ্ৰগতি লাভ কৰিছে ৷

Last Updated : Mar 10, 2022, 12:51 PM IST

ABOUT THE AUTHOR

...view details