নেশ্যনেল ডেস্ক,৬ নৱেম্বৰ :বিগত ৬ বছৰ ধৰি ধৰ্মনগৰী আযোধ্যাত দীপোৎসৱ উদযাপন কৰি থকা হৈছে । এইবাৰো অযোধ্যাত সপ্তম বাৰ্ষিক দীপোৎসৱৰ বিশাল প্ৰস্তুতি চলিছে । এই উৎসৱত ২১ লাখতকৈও অধিক চাকি জ্বলাই নতুন বিশ্ব অভিলেখ গঢ়াৰ প্ৰস্তুতি চলিছে । দূৰদৰ্শন চেনেলত অযোধ্যাত ৪ দিনীয়াকৈ আয়োজিত হ'বলগীয়া এই বিশাল অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰো কৰা হ'ব । একে সময়তে, দীপোৎসৱ কাৰ্যসূচীৰ পোনপটীয়া সম্প্ৰচাৰ অযোধ্যাৰ প্ৰতিটো পথ আৰু চাৰিআলিত দেখা যাব । যাৰ বাবে, জিলা প্ৰশাসনে এনে ২৪ টা স্থান চিনাক্ত কৰিছে য'ত মানুহৰ চলাচল অধিক হয় । তাত দেৱালবোৰত এলইডি স্থাপন কৰি দীপোৎসৱৰ পোনপটীয়া সম্প্ৰচাৰ দেখুওৱা হ'ব ।
উল্লেখ্য যে সপ্তম দীপোৎসৱ উপলক্ষে ৰাজ্য চৰকাৰে ৪ দিনীয়া বিশেষ কাৰ্যসূচীৰ আয়োজন কৰিব । ৭ নৱেম্বৰৰ পৰা ৰাম কথা উদ্যান আৰু ৰাম কি পেইড়ি চৌহদত ভজন সন্ধিয়া, সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হ'ব । বিভিন্ন দেশৰ ৰামলীলা মঞ্চস্থ কৰা হ'ব আৰু লোক সংগীতৰ কাৰ্যসূচী আয়োজন কৰা হ'ব । একেদৰে ১১ নৱেম্বৰত পুৱা ৯ বজাত এক বিশাল শোভাযাত্ৰা উলিওৱা হ'ব । আবেলি ৪ বজাত ৰাম কথা উদ্যানত ভগৱান ৰামৰ ৰাজ্যাভিষেকৰ আয়োজন কৰা হ'ব আৰু সূৰ্যাস্তৰ পাছত ৰাম কি পেইড়ি কমপ্লেক্সত ২১ লাখ চাকি জ্বলোৱা হ'ব ।