নেশ্যনেল ডেস্ক, 25 নৱেম্বৰ :তামিলনাডুৰ পূৱ উপকূলত বুধবাৰে নিভাৰ ঘূৰ্ণি বতাহে প্ৰৱেশ কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ৷ ৰাজ্যখন ভিন্ন স্থানত ইতিমধ্যে আৰম্ভ হৈছে প্ৰৱল বৃষ্টিপাত ৷ বতৰ বিজ্ঞান বিভাগে সম্ভাৱনা ব্যক্ত কৰা অনুসৰি বুধবাৰে বিয়লিৰ ভাগলৈ প্ৰৱল ধুমুহাৰ সৈতে ঘন্টাত প্ৰায় 120ৰ পৰা 130 কিঃমিঃ বেগত প্ৰৱেশ কৰিব নিভাৰ ঘূৰ্ণী বতাহ ৷ বতাহৰ গতিবেগ প্ৰতি ঘন্টাত 145 কিঃমিঃ পৰ্যন্ত হ’ব পাৰে বুলি জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই ৷ এই ঘূৰ্ণী বতাহ তামিলনাডু আৰু পণ্ডীচেৰী উপকূলৰ মাজৰ মামাল্লাপুৰম আৰু কাৰাইকালৰ মাজেৰে পাৰ হৈ যাব বুলি থাৱৰ কৰিছে বিশেষজ্ঞই ৷
তামিলনাডুৰ মুখ্যমন্ত্ৰী কে. পালানিস্বামীয়ে মঙলবাৰে কয় যে, এই দুুৰ্যোগৰ সৈতে মোকাবিলা কৰিবলৈ ইতিমধ্যে সাহায্য শিৱিৰ স্থাপন কৰা হৈছে আৰু প্ৰয়োজনীয় সকলো ব্যৱস্থাই গ্ৰহণ কৰা হৈছে ৷ তামিলনাডু চৰকাৰে বুধবাৰৰ দিনটোত বন্ধ ঘোষণা কৰিছে আৰু 7 খন জিলাৰ বাছ সেৱা বন্ধ কৰি দিয়া হৈছে ৷ অৱশ্যে জৰুৰীসেৱাৰ সৈতে জড়িত লোক সকলে ইযাৰ মাজতো কৰ্তব্য কৰি যাব ৷ পালানিস্বামীয়ে কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মঙলবাৰে পুৱা তেওঁৰ সৈতে বাৰ্তালাপ কৰে আৰু কেন্দ্ৰৰ পৰা প্ৰয়োজনীয় সকলো সহায় আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে ৷
সংবাদ মাধ্যমক মুখ্যমন্ত্ৰীগৰাকীয়ে জনোৱা মতে, চৰকাৰে ইতিমধ্যে নিভাৰ দ্বাৰা প্ৰভাৱিত হ’ব পৰা 4,133 টা অঞ্চল চিনাক্ত কৰিছে আৰু জিলা উপায়ুক্তক সতৰ্ক হ’বলৈ নিৰ্দেশ প্ৰেৰণ কৰিছে ৷ 3,344 টা অঞ্চলত ইতিমধ্যে সাহায্য শিবিৰ স্থাপন কৰা হৈছে ৷ বৰ্তমানলৈকে 254 গৰাকী লোকক ইয়াত আশ্ৰয় দিয়া হৈছে ৷ কুডলোৰ, বিৰুধাচালাম, চিদাম্বৰম আৰু আৰিয়ালোৰ জিলাৰ লোকসকলক এই সাহায্য শিৱিৰত আশ্ৰয় দিয়া হৈছে ৷ সাহায্য শিৱিৰৰ লোক সকলক খাদ্য, বিচনা আৰু বিচনা চাদৰ যোগান ধৰাৰ লগতে শিশু সকলক গাখীৰো যোগান ধৰা হৈছে বুলি মুখ্যমন্ত্ৰী পালানিস্বামীয়ে জানিবলৈ দিছে ৷
মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি, 14,232 গৰাকী মহিলাসহ 43,409 গৰাকী লোকক ঘূৰ্ণীবতাহৰ দ্বাৰা ক্ষতিগ্ৰস্ত লোকক সহায় আগবঢ়োৱাৰ বাবে নিয়োগ কৰা হৈছে ৷ পোহনীয়া জীৱ-জন্তুৰ চোৱা-চিতা আৰু খাদ্য যোগানৰ বাবে 8,871 গৰাকী লোক নিয়োগ কৰা হৈছে ৷