অসম

assam

ETV Bharat / bharat

পশ্চিমবংগৰ সপ্তম পৰ্যায়ৰ নিৰ্বাচন: অব্যাহত আছে ভোটগ্ৰহণ - পশ্চিমবংগ নিৰ্বাচন

পশ্চিমবংগ নিৰ্বাচন
পশ্চিমবংগ নিৰ্বাচন

By

Published : Apr 26, 2021, 9:45 AM IST

Updated : Apr 26, 2021, 1:30 PM IST

13:29 April 26

সপ্তম পৰ্যায়ৰ ভোটদান অব্যাহত ৷ দুপৰীয়া 1 বজালৈ 54.56 শতাংশ ভোটদান সম্পন্ন ৷

12:55 April 26

ফাৰাক্কা বিধানসভা সমষ্টিৰ অন্তৰ্গত কাঞ্চন্তলা গ্ৰাম পঞ্চায়তৰ 217 আৰু 218 নং বুথত তৃণমূল প্ৰাৰ্থী মণিৰুল ইছলামৰ প্ৰৱেশত সুৰক্ষা বাহিনীয়ে বাধা দিয়াৰ অভিযোগ উত্থাপন হৈছে । তৃণমূল প্ৰাৰ্থী মণিৰুল ইছলামে সুৰক্ষা বাহিনীৰ বিৰুদ্ধে ক্ষোভ ব্যক্ত কৰে ৷

12:31 April 26

তৃণমূল কংগ্ৰেছৰ বিৰুদ্ধে জামুৰিয়া বিধানসভা সমষ্টিৰ খাট্টাদিহীত চিপিএমৰ সমৰ্থকসকলক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন । আনহাতে, তেওঁলোকক ভোট সাব্যস্ত কৰাত বাধা দিয়াৰো অভিযোগ উত্থাপন হয় । ঘটনাস্থলীত উপস্থিত হৈছে সুৰক্ষা বাহিনী ৷

12:11 April 26

আছানচোল দক্ষিণৰ তৃণমূল প্ৰাৰ্থী চাইনী ঘোষৰ বিৰুদ্ধে প্ৰাক্তন কাউন্সিলাৰৰ সৈতে বুথত প্ৰৱেশ কৰি বুথৰ সন্মুখত সমবেত হোৱাৰ অভিযোগ উত্থাপন ৷ আৰক্ষীয়ে সমবেত হোৱা লোকসকলক আঁতৰিবলৈ কোৱাৰ পাচত তৃণমূল প্ৰাৰ্থী চাইনী ঘোষে আৰক্ষীৰ সৈতে তৰ্কত লিপ্ত হয় ৷ 

11:58 April 26

তপন বিধানসভা সমষ্টিৰ সৰু দেওৰা গাঁৱত ভোট বৰ্জন গাঁৱবাসীৰ । দক্ষিণ দিনাজপুৰ জিলাৰ তপন বিধানসভা সমষ্টিৰ জলঘৰ পঞ্চায়ত অঞ্চলৰ কচিয়াদংগৰ অঞ্চলৰ ছোটাদেওৰা গাঁৱৰ বাসিন্দাসকলে ‘দলং আৰু ৰাস্তা দিয়ক-ভোট নিয়ক’ দাবীৰে ভোট বৰ্জন কৰে ৷

11:49 April 26

অব্যাহত আছে ভোট দান ৷ দিনৰ 11 বজালৈ 36.02 শতাংশ ভোটদান সম্পন্ন হৈছে ৷

11:23 April 26

খিদিৰপুৰ ছেইণ্ট থমাচ স্কুলত বাঁওপন্থী নেতা মহম্মদ চেলিমৰ ভোটদান ৷ ইফালে, সুৰক্ষা বাহিনীয়ে জামুৰিয়া বিধানসভা সমষ্টিৰ বুথত বাঁওপন্থী প্ৰাৰ্থী আইছি ঘোষক প্ৰৱেশ কৰাত বাধা দিয়াৰ অভিযোগ উত্থাপন হৈছে ৷

11:12 April 26

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে টুইটযোগে ৰাজ্যখনৰ উন্নয়নৰ বাবে বৃহৎ সংখ্যক ভোটৰ আহ্বান জনাইছে ৷ তেওঁ কয় যে, "মই বংগৰ সপ্তম পৰ্যায়ৰ নিৰ্বাচনৰ সকলো ভোটাৰক ৰাজ্যখনৰ উন্নয়নক মূলসূঁতিৰ সৈতে সংযুক্ত কৰিবলৈ অধিক সংখ্যক ভোটদানৰ বাবে আহ্বান জনাইছো" ৷

11:02 April 26

মালতীপুৰ বিধানসভাৰ 188 নং বুথত তৃণমূল কৰ্মীসকলে কেন্দ্ৰীয় সুৰক্ষা বাহিনীৰ বিৰুদ্ধে লাঠী চাৰ্জ কৰাৰ অভিযোগ ৷ আতংকিত হৈ ভোটাৰসকলে ভোটকেন্দ্ৰলৈ যোৱাৰ পৰা বিৰত থাকে ৷ পৰৱৰ্তী সময়ত পুনৰ শান্তিপূৰ্ণভাৱে ভোটদান আৰম্ভ হয় ৷ 

10:35 April 26

ইউনাইটেড ফ্ৰণ্টৰ সমৰ্থিত প্ৰাৰ্থী মীনাক্ষী মুখাৰ্জীয়ে সাব্যস্ত কৰিলে ভোট ৷ ভোটদান কৰি তেওঁ কয় যে, "নিৰ্বাচন আয়োগে প্ৰথম পৰ্যায়ৰ পৰা দায়িত্ব পালন কৰিবলৈ সক্ষম হোৱা নাই৷ আয়োগ আৰম্ভণিৰ পৰাই বিফল হৈছে । এইবাৰ ইউনাইটেড ফ্ৰণ্টে চৰকাৰ গঠন কৰিব" । 

10:16 April 26

বালুৰঘাটৰ সাংসদ সুকান্ত মজুমদাৰে সাব্যস্ত কৰিলে ভোটাধিকাৰ ৷ পত্নী আৰু মাতৃৰ সৈতে ভোট সাব্যস্ত কৰে সাংসদগৰাকীয়ে ৷

10:10 April 26

টিএমচিৰ সাংসদ নুছৰত জাহান ৰুহীৰ ভোট সাব্যস্ত

টিএমচিৰ সাংসদ নুছৰত জাহান ৰুহী আৰু পিতৃ-মাতৃয়ে কলকাতাৰ এটা ভোটকেন্দ্ৰত ভোটদান সম্পন্ন ৷ ভোটদান কৰি তেওঁ কয় যে, ’’সপ্তম পৰ্যায়ৰ ভোট গ্ৰহণৰ বাবে য'তেই মই প্ৰচাৰ চলাই আছো, মই কেৱল মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীকেই সমৰ্থন কৰা দেখিছো ৷ যেতিয়া প্ৰধানমন্ত্ৰীয়ে সিদ্ধান্ত লয় যে, তেওঁ কোনো ৰাজহুৱা সভাত ভাগ নলয়, তেতিয়াই নিৰ্বাচন আয়োগে ৰাজহুৱা সভা বাতিল কৰাৰ সিদ্ধান্ত লয় । নিৰ্বাচন আয়োগে আন সকলোতকৈ প্ৰধানমন্ত্ৰী আৰু গৃহ মন্ত্ৰালয়ৰ কথা বেছিকৈ শুনে’’ ৷

09:51 April 26

9 বজালৈ 17.95 শতাংশ ভোটদান

সপ্তম পৰ্যায়ৰ ভোট গ্ৰহণত 9 বজালৈ 17.95 শতাংশ ভোটদান সম্পন্ন হৈছে ৷

09:50 April 26

তৃণমূল কংগ্ৰেছৰ সাংসদ অভিষেক বেনাৰ্জীয়ে কলকাতাৰ ভৱানীপুৰৰ মিত্ৰ প্ৰতিষ্ঠানত সপ্তম পৰ্যায়ৰ বাবে ভোটদান কৰে । তেওঁ কয় যে, "অত্যন্ত আত্মবিশ্বাসী যে মমতা বেনাৰ্জী 2/3 সংখ্যক সংখ্যাগৰিষ্ঠতাৰে পুনৰ শাসনলৈ আহিব" ৷

09:49 April 26

মালদাৰ ৰতুৱা সমষ্টিৰ বিজেপি প্ৰাৰ্থীয়ে চামচি প্ৰাথমিক বিদ্যালয়ত ভোটদান কৰে । ভোট সাব্যস্ত কৰি তেওঁ কয়, "ৰতুৱা হৈছে মালদাৰ আটাইতকৈ পিছপৰা সমষ্টি । মানুহে বিজেপিকেই সমৰ্থন কৰিব" ৷

09:21 April 26

ক’ভিড প্ৰট’কল মানি ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ টুইটযোগে আহ্বান প্ৰধানমন্ত্ৰীৰ

পশ্চিমবংগত অব্যাহত আছে বিধানসভা নিৰ্বাচনৰ সপ্তম পৰ্যায়ৰ ভোটগ্ৰহণ ৷ মুঠ 8 টা পৰ্যায়ত 34 টা বিধানসভা সমষ্টিত অনুষ্ঠিত হৈছে ৰাজ্যখনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ 34 টা সমষ্টিৰ ভিতৰত 9 টা বিধানসভা সমষ্টি মুৰ্চিদাবাদ আৰু পশ্চিম বৰ্ধমানত, 6 টা দক্ষিণ দিনাজপুৰ আৰু মালদাত আৰু 4 টা কলকাতাত অন্তৰ্ভূক্ত । সপ্তম পৰ্যায়ৰ ভোটগ্ৰহণত সকলোকে ক’ভিড প্ৰট’কল মানি ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ টুইটযোগে আহ্বান জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷

Last Updated : Apr 26, 2021, 1:30 PM IST

ABOUT THE AUTHOR

...view details