নেশ্যনেল ডেস্ক,26 নৱেম্বৰ: তীব্ৰ ঘূৰ্ণীবতাহ নিভাৰৰ ফলত বৃহস্পতিবাৰে পণ্ডিচেৰীৰ বিভিন্ন অঞ্চলত প্ৰৱেশ কৰিছে ৷ কেন্দ্ৰীয় শাসিত অঞ্চল আৰু প্ৰতিৱেশী তামিলনাডুটো ধাৰাসাৰ বৰষুণ হৈছিল বুলি ভাৰতৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ বিষয়াসকলে প্ৰকাশ কৰে ৷ এই ঘূৰ্ণী বতাহে পণ্ডিচেৰীৰ উপকূল অতিক্ৰম কৰাৰ পাচতেই কিছু পৰিমানে বতাহৰ গতিবেগ কমি আহিছিল বুলি বতৰ বিজ্ঞান কেন্দ্ৰৰ বিষয়া সকলে প্ৰকাশ কৰে ৷ উল্লেখ্য যে, এই বতাহৰ ফলত কোনো মানুহৰ বৰ্তমানলৈ একো ক্ষতি হোৱা নাই যদিও তামিলনাডুৰ কিছু অংশৰ পৰা দেৱাল খহি পৰাৰ ঘটনা পৰিলক্ষিত হোৱা বুলি ৰাজ্যৰ ৰাজহ মন্ত্ৰী আৰ বি উধায়কুমাৰে জানিবলৈ দিয়ে ৷
চেন্নাইৰ উপ-মেটাৰ'ৰ'লজী ৰ উপ-নিৰ্দেশক এছ বালাচন্দ্ৰনে কৈছিল যে তামিলনাডুত বৰষুণ অব্যাহত থকাৰ সম্ভাৱনা আছে।