নেশ্যনেল ডেস্ক,১৩ এপ্ৰিল :আমি সকলোৱে জানো বিহাৰত সুৰা নিষিদ্ধ (Liquor ban in Bihar)। কিন্তু তাৰ পাছতো ৰাজ্যখনত একাংশ লোকে সুৰাৰ চোৰাং ব্যৱসায় অব্যাহত ৰাখিছে (Liquor Smuggling in Bihar)। আৰক্ষীয়ে বহু সময়ত তেনে চোৰাং ব্যৱসায় বন্ধৰ বাবে অভিযান চলাই আহিছে যদিও দুষ্টচক্ৰই বিভিন্ন ধৰণৰ নতুন নতুন কৌশল অৱলম্বন কৰা দেখা গৈছে । শুনি আচৰিত হ'ব যে এইবাৰ এলপিজি চিলিণ্ডাৰৰ ভিতৰত সুৰা সৰবৰাহ কৰিছে একাংশ লোকে (Smuggling of liquor on cylinders in Bihar)।
চিলিণ্ডাৰৰ তলৰ অংশ কাটি ভিতৰত সুৰা সৰবৰাহৰ চেষ্টা চলাইছে দুষ্টচক্ৰটোৱে । পিৰবাহোৰ আৰক্ষীৰ অভিযানত সৰবৰাহকাৰীৰ এই নতুন কৌশলৰ কথা পোহৰলৈ আহিছে । আৰক্ষীয়ে গোপন সূত্ৰৰ খবৰৰ ভিত্তিত জুগাদৰ পৰা অনা দেশীয় সুৰা ভৰ্তি চিলিণ্ডাৰ জব্দ কৰিবলৈ সক্ষম হয় ।