অসম

assam

ETV Bharat / bharat

বিহাৰৰ কিষাণগঞ্জত অসমৰ যুৱতীক সুৰা ব্যৱসায়ীৰ দলবদ্ধ যৌন উৎপীড়ন - বহিঃৰাজ্যত অসমৰ যুৱতীক উৎপীড়ন

বহিঃৰাজ্যত অসমৰ যুৱতীক সুৰাৰ চোৰাং ব্য়ৱসায়ীৰ দলবদ্ধ উৎপীড়ন (Assam girl molested in Kishanganj) । চাৰিগৰাকী লোকক গ্ৰেপ্তাৰ আৰক্ষীৰ (Four arrested in Kishanganj) । সবিশেষ জানো আহক ৷

Assam girl molested in Kishanganj
অসমীয়া যুৱতীক ধৰ্ষণ কৰা ঘটনা সন্দৰ্ভত কিষাণগঞ্জ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মহিলাসহ চাৰিগৰাকীকৈ লোকক

By

Published : Mar 14, 2022, 3:35 PM IST

নেশ্যনেল ডেস্ক,১৪ মাৰ্চ: সুৰাৰ চোৰাং ব্য়ৱসায় (Liquor smuggling in Kishanganj) আৰু এগৰাকী অসমীয়া যুৱতীক দলবদ্ধ যৌন উৎপীড়নৰ ঘটনা সন্দৰ্ভত কিষাণগঞ্জ (Assam girl molested in Kishanganj) আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে চাৰিগৰাকীকৈ লোকক । প্ৰাপ্ত খবৰ মতে, সুৰাৰ এই চোৰাং ব্যৱসায়ীসকলে অসমৰ যুৱতীগৰাকীক অপহৰণ কৰি এখন বাহনৰ ভিতৰতে ধৰ্ষণ কৰাৰো অভিযোগ উত্থাপন হৈছে । পৰৱৰ্তী সময়ত নাৰীদেহ ব্যৱসায়ী চক্ৰৰ হাতত যুৱতীগৰাকীক বিক্ৰী কৰি দিবলৈ নিয়াৰ পথতে আৰক্ষীৰ জালত পৰে চক্ৰটো ।

ব'লেৰ' বাহনখন

সমগ্ৰ বিহাৰতে চৰকাৰে সুৰাৰ চোৰাং ব্যৱসায় আৰু ইয়াৰ অবৈধ ব্যৱসায় ৰোধ কৰিবলৈ সকলো আপ্ৰাণ চেষ্টা চলাই আহিছে যদিও সম্পূৰ্ণৰূপে হ'ব পৰা নাই সফল(Liquor Smuggling in Bihar) । ইয়াৰ বিপৰীতে সুৰাব্যৱসায়ীসকলে অন্যান্য অপৰাধজনিত কাৰ্য সংঘটিত কৰিবলৈ কুণ্ঠাবোধ কৰা নাই । শেহতীয়াকৈ কিষাণগঞ্জত পোহৰলৈ আহিছে এই ভয়ংকৰ ঘটনা ।

ঘটনা অনুসৰি সুৰাৰ চোৰাং ব্য়ৱসায়ীসকলে অসমৰ এগৰাকী যুৱতীক অপহৰণ কৰি দেহব্যৱসায় চক্ৰৰ হাতত বিক্ৰী কৰিবলৈ খাগৰিয়ালৈ লৈ গৈ আছিল (Liquor smugglers in Kishanganj kidnapped Assam girl) । সেই পথচোৱাত যুৱতীগৰাকীৰ ওপৰত বাহনখনতে যৌন উৎপীড়ন চলোৱাৰ অভিযোগো উত্থাপন হৈছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে মহিলাসহ চাৰিজন লোকক গ্ৰেপ্তাৰ কৰে(Four arrested in Kishanganj) ।

গোপন তথ্যৰ ভিত্তিত চলিছিল অভিযান :

আৰক্ষী অধীক্ষক ড৹ ইনামুল হক মংগনুৱে প্ৰকাশ কৰা তথ্য অনুসৰি, গোপন তথ্যৰ ভিত্তিত চলোৱা অভিযানত এই তথ্য পোহৰলৈ আহে । গোপন তথ্যৰ ভিত্তিত LRP চকত তালাচী চলাইছিল আৰক্ষীয়ে । তালাচী অভিযান অব্য়াহত থকাৰ সময়তে এখন ব'লেৰ' বাহন ৰাখি আৰক্ষীয়ে সোধাপোছা কৰাত বাহনখনত তিনিগৰাকী পুৰুষ আৰু দুগৰাকী মহিলা প্ৰত্যক্ষ কৰে । ইয়াৰে এগৰাকী যুৱতীয়ে অহৰহ কান্দি থকা দেখি সন্দেহবশত আৰক্ষীয়ে তালাচী চলাই গাড়ীখনত ।

চেল'টেপেৰে শৰীৰত সুৰাৰ বান্ধি আনিছিল সুৰা :

তালাচী চলোৱাৰ সময়তে আৰক্ষীক দেখা মাত্ৰকে চালকসহ দুজন ব্যক্তিয়ে পলাই পত্ৰং দিয়ে । আন তিনিজন পুৰষ আৰু দুগৰাকী মহিলক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । মহিলা আৰক্ষীৰ দ্বাৰা মহিলা দুগৰাকীক তালাচী চলোৱাত শৰীৰত চেল'টেপ মেৰিয়াই সুৰা কঢ়িওৱাৰ নতুন কৌশল ধৰা পৰে । ইয়াৰে অহৰহ কান্দি থকা অৱস্থাত পোৱা যুৱতীগৰাকীৰ পৰা একো উদ্ধাৰ কৰা নাছিল আৰক্ষীয়ে ।

দেহব্যৱসায়ী চক্ৰক বিক্ৰীৰ পৰিকল্পনা কৰিছছিল যুৱতীগৰাকীক :

সুৰাৰ অবৈধ সৰবৰাহকাৰী চক্ৰটোৰ কৱলৰ পৰা উদ্ধাৰ কৰা যুৱতীগৰাকীক অসমৰ বুলি চিনাক্ত কৰে আৰক্ষীৰ দলটোৱে । দালখোলাৰ এগৰাকী ব্যক্তিয়ে তেওঁক প্ৰতাৰণা কৰি সুৰজপুৰৰ এখন দোকানত এই চক্ৰটোৰ হাতত বিক্ৰী কৰিছিল । উল্লেখ্য যে, গ্ৰেপ্তাৰ কৰা তিনি যুৱকে যুৱতীগৰাকীক যৌন উৎপীড়ন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে । অবৈধ ব্যৱসায়ৰ সৈতে তেওঁক জড়িত কৰাবৰ বাবে খাগৰিয়ালৈ লৈ যোৱা হৈছিল বুলি উল্লেখ কৰে যুৱতীগৰাকীয়ে ।

আৰক্ষী অধীক্ষকগৰাকীয়ে উল্লেখ কৰে যে, ভুক্তভোগীৰ স্বীকাৰোক্তিৰ ভিত্তিত তিনি যুৱকক গ্ৰেপ্তাৰ কৰাৰ লগতে যুৱতীগৰাকীৰ স্বাস্থ্য পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । ধৃত চাৰি অপৰাধী ক্ৰমে কাটিহাৰৰ প্ৰশান্ত কুমাৰ, খাগৰীয়াৰ অংকিত কুমাৰ, ৰাজেশ কুমাৰ আৰু ভাগলপুৰৰ ৰুক্মণি দেৱী ।

লগতে পঢ়ক:পৰ্যটন খণ্ডক উৎসাহিত কৰিবলৈ 50 খন বৃহৎ ছাইনব’ৰ্ড স্থাপন কৰিব ত্ৰিপুৰা চৰকাৰে

ABOUT THE AUTHOR

...view details