নেশ্যনেল ডেস্ক,১৫ ছেপ্টেম্বৰ :দিল্লী চৰকাৰৰ নতুন আবকাৰী নীতিৰ (Delhi Govt Excise Policy) দুৰ্নীতি সন্দৰ্ভত প্ৰতিক্ৰিয়া অব্যাহত আছে । এই দুৰ্নীতিক লৈ ৰাজ্যখনৰ ৰাজনীতিও উত্তাল হৈ আছে । বিশেষকৈ বিৰোধী বিজেপিয়ে দিল্লী চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে কঠোৰ সমালোচনা অব্যাহত ৰাখিছে ।
আবকাৰী নীতিৰ দুৰ্নীতি সন্দৰ্ভত পুনৰ বিজেপিয়ে ষ্টিং অপাৰেচনৰ তথ্য ফাদিল কৰিছে (BJP releases sting video on Excise Policy)। বিজেপিৰ মুখপাত্ৰ সুধাংশু ত্ৰিবেদীয়ে দিল্লী চৰকাৰৰ আবকাৰী নীতিৰ দুৰ্নীতি সন্দৰ্ভত সংবাদমেল সম্বোধন কৰি এটা ভিডিঅ' মুকলি কৰে । সংবাদমেলত ত্ৰিবেদীয়ে অভিযোগ কৰি কয় যে কাৰ পৰা ধন লোৱা হৈছে, কেনেকৈ কেলেংকাৰী সংঘটিত হৈছে, এই সকলোবোৰ তথ্য উন্মোচিত হৈছে ।
আম আদমী পাৰ্টি চৰকাৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি তেওঁ কয় যে দিল্লীৰ আবকাৰী নীতি কেলেংকাৰীৰ বাবেই প্ৰস্তুত কৰা হৈছে (Sudhanshu Trivedi on Delhi liquor scam)। আম আদমী পাৰ্টিৰ কেলেংকাৰীৰ ৰহস্য পোহৰলৈ আহিছে বুলি দাবী কৰে বিজেপি নেতাগৰাকীয়ে । কেলেংকাৰীৰ অভিযুক্ত নম্বৰ-৯ অমিত অৰোৰাই গোটেই ৰহস্য ফাদিল কৰিছে বুলি তেওঁ উল্লেখ কৰে ।