বিশ্ব হিমোফিলিয়া ফেডাৰেচনে প্ৰতি বছৰে ১৭ এপ্ৰিলত বিশ্ব হিমোফিলিয়া দিৱস পালন কৰে (World Hemophilia Day date)। হিমোফিলিয়া আৰু অন্যান্য ৰক্তক্ষৰণ বিকাৰৰ ভয়াৱহ সমস্যা সম্পৰ্কে সজাগতা সৃষ্টিৰ উদ্দেশ্যে এই দিনটো পালন কৰা হয় (World Hemophilia Day)। সমগ্ৰ বিশ্বতে বৃহৎ সংখ্যক লোক এই ৰোগত আক্ৰান্ত হোৱা দেখা যায় । তেজত Thromboplastin নামৰ এবিধ পদাৰ্থৰ অভাৱত এই ৰোগ হয় । থ্ৰম্ব’প্লাষ্টিৰ দ্বাৰা তেজ দ্ৰুতভাৱে ক্লটলৈ ৰূপান্তৰিত কৰাৰ ক্ষমতা থাকে । তেজত ইয়াৰ অনুপস্থিতিয়ে ৰক্তক্ষৰণ বন্ধ নকৰে । যাৰ বাবে এজন ব্যক্তিৰ মৃত্যু পৰ্যন্ত হ'ব পাৰে । সেয়ে হিমোফিলিয়া দিৱসৰ ইতিহাস আৰু গুৰুত্বৰ বিষয়ে জানো আহক-
বিশ্ব হিমোফিলিয়া দিৱস ২০২৩: ইতিহাস
বিশ্ব হিমোফিলিয়া ফেডাৰেচনে প্ৰতি বছৰে ১৭ এপ্ৰিলত বিশ্ব হিমোফিলিয়া দিৱস পালন কৰে (World Hemophilia Day History)। হিমোফিলিয়া আৰু অন্যান্য ৰক্তক্ষৰণ বিকাৰ সম্পৰ্কে সজাগতা বিয়পোৱাৰ দিন । ১৯৮৯ চনত বিশ্ব হিমোফিলিয়া দিৱসৰ আৰম্ভণি হৈছিল আৰু ১৭ এপ্ৰিলৰ দিনটো বিশ্ব হিমোফিলিয়া ফেডাৰেচনৰ প্ৰতিষ্ঠাপক ফ্ৰেংক শ্বনাবেলৰ জন্মদিন উপলক্ষে বাছনি কৰা হৈছিল । ৰক্তক্ষৰণৰ বিকাৰগ্ৰস্ত লোকসকলক জ্ঞান দিয়াৰ লগতে উন্নত চিকিৎসাৰ বাবে লবী কৰাৰ বাবে এই দিনটো পালন কৰা হয় । বিশ্ব ফেডাৰেচনে এই বিকাৰগ্ৰস্তসকলৰ প্ৰতি সংহতি দেখুৱাবলৈ বিশ্বৰ মানুহক ৰঙা ৰঙেৰে পোহৰাই তুলিবলৈ শিক্ষিত কৰে । হিম’ফিলিয়া হৈছে এক বিৰল বিকাৰ, য’ত তেজ স্বাভাৱিকভাৱে জমা নহয় কাৰণ ইয়াত তেজ জমা হোৱা প্ৰ’টিন (ক্লটিং ফেক্টৰ)ৰ অভাৱ । কাৰোবাৰ হিম’ফিলিয়া হ’লে আঘাত পোৱাৰ পিচত বেছি সময় তেজ ওলাব পাৰে কাৰণ তেওঁলোকৰ শৰীৰৰ তেজ জমা হোৱাৰ ক্ষমতা কমি যায় (Hemophilia) ।
বিশ্ব হিমোফিলিয়া দিৱস ২০২৩: তাৎপৰ্য
এই দিৱসৰ তাৎপৰ্য হ’ল হিমোফিলিয়া আৰু তেজৰ লগত জড়িত বিকাৰগ্ৰস্ত লোকৰ বিষয়ে সজাগতা বৃদ্ধি কৰা (World Hemophilia Day significance)। গুৰুতৰ ৰোগীৰ পেশী, গাঁঠি আৰু শৰীৰৰ অন্যান্য অংশত ৰক্তক্ষৰণ হ’ব পাৰে । ই এক বংশগত ৰোগ, যিটো শিশুৱে পিতৃ-মাতৃৰ পৰা পায়। সেয়েহে আগতীয়াকৈ ধৰা পৰিলে ৰোগীয়ে ৰোগৰ প্ৰতি সচেতন হ’ব পাৰে আৰু সাৱধানতা অৱলম্বন কৰিব পাৰে ।