অসম

assam

ETV Bharat / bharat

SC Slams Manipur Police : মণিপুৰ আৰক্ষীক তীব্ৰ সমালোচনা উচ্চতম ন্যায়ালয়ৰ - Chief Justice of India D Y Chandrachud

ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত আৰু ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু মনোজ মিশ্ৰক লৈ গঠিত বিচাৰপীঠে মঙলবাৰে কয় যে আদালতে মণিপুৰৰ হিংসাৰ তদন্তৰ বাবে উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশৰ দ্বাৰা এখন সমিতি গঠনৰ বাবে চিন্তা-চৰ্চা কৰি আছে ।

SC Slams Manipur Police
SC Slams Manipur Police

By

Published : Aug 1, 2023, 7:41 PM IST

Updated : Aug 2, 2023, 6:16 AM IST

নিউজ ডেস্ক, ১ আগষ্ট :উচ্চতম ন্যায়ালয়ে মঙলবাৰে ইংগিত দিয়ে যে জাতিগত হিংসাত পীড়িত মণিপুৰৰ পৰা পোহৰলৈ অহা ভয়ংকৰ অপৰাধমূলক গোচৰসমূহৰ নিৰপেক্ষ তদন্ত নিশ্চিত কৰিবলৈ উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশসকলক লৈ এখন সমিতি গঠন কৰিব । লগতে ৰাজ্য চৰকাৰক অপৰাধৰ প্ৰকৃতিৰ ওপৰত ভিত্তি কৰি পঞ্জীয়ন হোৱা এজাহাৰৰ তথ্য দাখিল কৰিবলৈ কয় ।

শীৰ্ষ আদালতে মণিপুৰ ৰাজ্যিক আৰক্ষীকো তীব্ৰ সমালোচনা কৰি কয় যে আৰক্ষীয়ে ইমান 'লেহেমীয়া' তদন্ত চলাইছিল, যাৰ বাবে অপৰাধ সংঘটিত হোৱাৰ দুমাহ পিছতহে এজাহাৰ পঞ্জীয়ন কৰা হৈছিল ।

দেশৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত আৰু ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু মনোজ মিশ্ৰক লৈ গঠিত এখন বিচাৰপীঠে কয় যে ন্যায়ালয়ে উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশসকলৰ এখন 'বহল-ভিত্তিক' সমিতি গঠন কৰাৰ বাবে চিন্তা-চৰ্চা কৰি আছে । মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে তেওঁলোকে প্ৰথমে সাহায্য, ক্ষতিপূৰণ আৰু পুনৰ্সংস্থাপনৰ দৰে বিষয়বোৰ সন্দৰ্ভত সিদ্ধান্ত ল'ব । আনহাতে, তদন্ত প্ৰক্ৰিয়াটো নিৰপেক্ষ হোৱাটো সুনিশ্চিত কৰিবলৈ ভুক্তভোগীসকল য'তেই নাথাকক কিয়, ধাৰা ১৬৪-ৰ বিবৃতি লিপিবদ্ধ কৰা হ'ব । কিয়নো বহু লোকে ইতিমধ্যে মণিপুৰ এৰিছে ।

মুখ্য ন্যায়াধীশগৰাকীয়ে কয়, "আমি এখন সমিতি গঠন কৰিবলৈ আগ্ৰহী ।" আনহাতে, মুখ্য ন্যায়াধীশে পৰ্যবেক্ষণ কৰে যে এতিয়ালৈকে ৬,৫০০ খন এফআইআৰ লাভ কৰা হৈছে আৰু কেৱল চিবিআয়ে এইবোৰৰ তদন্ত কৰাটো সম্ভৱ নহয় । লগতে মণিপুৰৰ ডিজিপিক এই জঘন্য প্ৰকৃতিৰ ঘটনাৰ ক্ষেত্ৰত কিয় 'মন্থৰ' গতিত তদন্ত কৰা হৈছিল সেয়া বুজাবলৈ চমন জাৰি কৰিছে । তেওঁ আৰু কয়, "আমি সেইদিনা ভৱিষ্যতৰ কাৰ্যপন্থা নিৰ্ধাৰণ কৰিম ।" উল্লেখ্য, দেশৰ শীৰ্ষ আদালতে ৭ আগষ্টৰ দুপৰীয়া ২ বজাত বিষয়টো গ্ৰহণ কৰাৰ কথা আছে ।

আনহাতে, শীৰ্ষ আদালতে ৰাজ্য চৰকাৰক অপৰাধৰ প্ৰকৃতিৰ ওপৰত ভিত্তি কৰি এফআইআৰৰ ওপৰত তথ্য আনিবলৈও কৈছে । ইয়াৰ ভিতৰত আছে হত্যা আৰু ধৰ্ষণ, অগ্নিসংযোগ, সম্পত্তি ধ্বংস, শালীনতা হানি, ধৰ্মীয় স্থান ধ্বংস আৰু গুৰুতৰ আঘাত । ন্যায়ালয়ে ৰাজ্যখনক গোচৰসমূহৰ অন্যান্য বিৱৰণৰ ওপৰত এটা বিবৃতি দাখিল কৰিবলৈও কয় । ইয়াৰে ভিতৰত আছে ঘটনাৰ তাৰিখ, জিৰো এফআইআৰ পঞ্জীয়নৰ তাৰিখ, নিয়মীয়া এফআইআৰ পঞ্জীয়নৰ তাৰিখ, ধাৰা ১৬৪-ৰ বিবৃতি লিপিবদ্ধ কৰা তাৰিখ, গ্ৰেপ্তাৰৰ তাৰিখ আৰু লগতে যদি সংশ্লিষ্ট অভিযুক্ত ব্যক্তিসকলৰ নাম এফআইআৰত উল্লেখ কৰা হৈছে তাৰ তথ্য ।

বিচাৰপীঠে এই কথাত জোৰ দি কয় যে 'লক, ষ্টক আৰু বেৰেল' এই সকলো গোচৰ চিবিআইলৈ স্থানান্তৰ কৰাটো অব্যৱহাৰিক আৰু ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাক গোচৰবোৰৰ তদন্ত কোনে কৰিব সেই বিষয়ে নিৰ্দেশনা দিবলৈ কয় ।

মুখ্য ন্যায়াধীশে লগতে কয়, "তদন্ত ইমান লেহেমীয়া হৈছে, দুমাহৰ পিছত এজাহাৰ পঞ্জীয়ন কৰা হৈছে আৰু গ্ৰেপ্তাৰ কৰা হোৱা নাই... দীঘলীয়া সময় অতিবাহিত হোৱাৰ পিছত বিবৃতি লিপিবদ্ধ কৰা হৈছে ।" তেওঁ কয়, "আমি এনে পৰিস্থিতিত নাই য'ত ৰাজ্যিক আৰক্ষীয়ে তদন্ত চলাব পাৰে ।" আনহাতে, গোচৰটো চম্ভালিবলৈ এক ব্যৱস্থা প্ৰণয়ন কৰাৰ ইংগিত দিয়ে । কিয়নো ৬৫০০ এফআইআৰৰ তদন্তৰ দায়িত্ব চিবিআইক দিয়াটো অসম্ভৱ আৰু ৰাজ্যিক আৰক্ষীক অৰ্পণ কৰিব নোৱাৰি । মুখ্য ন্যায়াধীশে মেহতাক কয়, "তেন্তে আমি কি কৰিম ? তাৰ ওপৰত চিন্তা কৰক ।"

ইয়াৰ উপৰি মণিপুৰৰ মহিলাকেইগৰাকীৰ ভাইৰেল ভিডিঅ' সন্দৰ্ভত মুখ্য ন্যায়াধীশে কয় যে এই ৰেকৰ্ডত প্ৰতিফলিত হৈছে যে উদ্ধাৰ হোৱা লোকসকলক আৰক্ষীয়ে জনতাৰ হাতত গতাই দিছিল । তেওঁ মেহতাক প্ৰশ্ন কৰে, "আৰক্ষীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে নেকি জানিবলৈ ডিজিপিয়ে কিবা ব্যৱস্থা গ্ৰহণ কৰিছে নেকি ? তেওঁ কি কৰিছে ? তেওঁৰ কর্তব্য কি ?" ইয়াৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰে দুগৰাকী মহিলাক উলংগ কৰি সমদল কৰোৱা আৰু তেওঁলোকৰ যৌন নিৰ্যাতনৰ ঘটনাৰ চিবিআই তদন্তৰ নিৰ্দেশ দিছিল । উল্লেখ্য যে শীৰ্ষ আদালতে মণিপুৰত জাতিগত হিংসাৰ সৈতে সম্পৰ্কিত আবেদনৰ এটা গোটৰ শুনানি গ্ৰহণ কৰি আছে ।

লগতে পঢ়ক :SC Summons Manipur DGP : মণিপুৰত সম্পূৰ্ণৰূপে ভংগ হৈছে আইন-শৃংখলা; উচ্চতম ন্যায়ালয়

Last Updated : Aug 2, 2023, 6:16 AM IST

ABOUT THE AUTHOR

...view details