অসম

assam

By

Published : Jul 8, 2021, 9:11 PM IST

ETV Bharat / bharat

জম্মু-কাশ্মীৰৰ বুদগাম আৰক্ষীৰ জালত লস্কৰ-ই-তৈবা সন্ত্ৰাসবাদীৰ সহযোগী

বুদগাম আৰক্ষীয়ে লস্কৰ-ই-তৈবা (LeT) ৰ এজন সন্ত্ৰাসবাদী সহযোগীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । তালাচীৰ সময়ত আৰক্ষীয়ে তেওঁৰ বেগৰ পৰা প্ৰায় ১.২ কিলোগ্ৰাম ওজনৰ এক বিস্ফোৰক পদাৰ্থ আৰু ২ টাকৈ ইলেক্ট্ৰনিক ডিটোনেটৰ (electronic detonator) উদ্ধাৰ কৰে ।

LeT Terror associate held
বুদগাম আৰক্ষীৰ জালত লস্কৰ ই তৈবা সন্ত্ৰাসবাদীৰ সহযোগী

নেশ্যনেল ডেস্ক,৮ জুলাই :জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ (Militants) বিভিন্ন ধৰণৰ কাৰ্যকলাপ অব্যাহত আছে । ইতিমধ্যে সংগঠনবোৰে হাইব্ৰিড সন্ত্ৰাসবাদী অথাব ড্ৰোন (Drone) আদিৰ ব্যৱহাৰেৰে আৰক্ষীৰ চকুত ঢুলি দিবলৈ চেষ্টা কৰিছে । কেইবাটাও স্থানত সন্ত্ৰাসবাদী ড্ৰোনৰ জৰিয়তে বিস্ফোৰণ সংঘটিত কৰিছে । হাইব্ৰিড সন্ত্ৰাসবাদীয়েও (Hybrid militant) কেইবাজনো লোকক আক্ৰমণ কৰিছে ।

কিন্তু তাৰ মাজতে কঠোৰভাৱে সন্ত্ৰাসবাদক দমন কৰাৰ উদ্দেশ্যে আৰক্ষী তথা নিৰাপত্তা বাহিনীও সষ্টম হৈ আছে । এইবাৰ আৰক্ষীয়ে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে এক সফল অভিযান সমাপ্ত কৰিছে । বুদগাম আৰক্ষীৰ (Budgam Police) নেতৃত্বত চলিছিল সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান ।

আৰক্ষীয়ে বৃহস্পতিবাৰে জনোৱা মতে বুদগাম আৰক্ষীয়ে লস্কৰ-ই-তৈবা (LeT) ৰ এজন সন্ত্ৰাসবাদী সহযোগীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । লগতে তেওঁৰ পৰা বিস্ফোৰক পদাৰ্থ সামগ্ৰীও জব্দ কৰে আৰক্ষীয়ে । আৰক্ষীয়ে জনোৱা মতে ৰে'লক্ৰছিঙৰ ওচৰৰ অৰ্চন্দৰহামা মাগামত তালাচী অভিযানৰ সময়ত অভিযুক্তজনক গ্ৰেপ্তাৰ কৰা হয় ।

অভিযুক্ত সন্ত্ৰাসবাদীজনক চেক-চাৰি সিংপোৰা পট্টানৰ বাসিন্দা ডেনিছ আহমেদ দাৰ বুলি চিনাক্ত কৰা হৈছে । তালাচীৰ সময়ত আৰক্ষীয়ে তেওঁৰ বেগৰ পৰা প্ৰায় ১.২ কিলোগ্ৰাম ওজনৰ এক বিস্ফোৰক পদাৰ্থ আৰু ২ টাকৈ ইলেক্ট্ৰনিক ডিটোনেটৰ (electronic detonator) উদ্ধাৰ কৰে । প্ৰাথমিক অনুসন্ধানত প্ৰকাশ পোৱা মতে গ্ৰেপ্তাৰ কৰা সন্ত্ৰাসবাদী সহযোগী জনে বুদগামৰ বিভিন্ন অঞ্চলত সন্ত্ৰাসবাদী সংগঠন এলইটিৰ সন্ত্ৰাসবাদীসকলক লজিষ্টিক আৰু অন্যান্য সামগ্ৰী যোগান ধৰি আহিছিল ।

আৰক্ষীয়ে লগতে কয় যে গ্ৰেপ্তাৰ কৰা সন্ত্ৰাসবাদী সহযোগীজনে বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মৰ (Social media platform) জৰিয়তে পাকিস্তানৰ সন্ত্ৰাসবাদী কামাণ্ডাৰসকলৰ (Pakistan terror commanders) সৈতে যোগাযোগ স্থাপন কৰিছিল আৰু কাশ্মীৰত এলইটিৰ স্বঘোষিত সন্ত্ৰাসবাদী কামাণ্ডাৰসকলৰ সৈতেও যোগাযোগ ৰক্ষা কৰি আহিছিল । বিস্ফোৰক পদাৰ্থ আইনৰ প্ৰাসংগিক ধাৰাৰ (Explosive Substance Act) অধীনত মাগম আৰক্ষী থানাত ইতিমধ্যে এক গোচৰ ৰুজু কৰা হৈছে । লগতে আৰক্ষীয়ে পৰৱৰ্তী অনুসন্ধান অব্যাহত ৰাখিছে বুলিও জানিব পৰা গৈছে ।

লগতে পঢ়ক :পুলৱামাত সন্ত্ৰাসবাদী-নিৰাপত্তাৰক্ষীৰ সংঘৰ্ষত নিহত দুই

ABOUT THE AUTHOR

...view details