নেশ্যনেল ডেস্ক,১৮ এপ্ৰিল:ক'ভিডৰ দ্ৰুত সংক্ৰমণে অতি ভয়ংকৰ ৰূপ লৈছে দেশৰ ৰাজধানী চহৰ দিল্লীত । দিল্লীত শেহতীয়াকৈ প্ৰতিদিনে প্ৰায় ২০ হাজাৰৰো অধিক লোক আক্ৰান্ত হৈছে কৰ'ণাত । যাৰ বাবে এতিয়া চিন্তিত ৰাজ্য চৰকাৰ তথা দিল্লীৰ ৰাইজ । ইয়াৰ মাজতে বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হৈছে দিল্লীৰ কেজৰিৱাল চৰকাৰ । যিটো হাৰত কৰ'ণা ৰোগীৰ সংখ্যা বৃদ্ধি হৈছে হাস্পতালত ৰোগীৰ সংখ্য়াই পুনৰবাৰ ভাবিবলৈ বাধ্য কৰিছে চৰকাৰক ।
মুখ্যমন্ত্ৰী কেজৰিৱালে জনোৱা মতে ১০০ ৰো কম আইচিইউ বিচনা খালী আছে দিল্লীৰ হাস্পতালসমূহত । কেৱল বিচনাই নহয় অক্সিজেনকে ধৰি হাস্পতালসমূহত বিভিন্ন ধৰণৰ বস্তুৰ নাটনিয়ে দেখা দিছে । এনে পৰিস্থিতিত ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰক সহায়ৰ বাবে আহ্বান জনোৱা বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে অৱগত কৰে ।
মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে দেওবাৰে কোৱা মতে দিল্লীত প্ৰায় ২৫,৫০০ নতুন ক'ভিড-১৯ৰ ঘটনা পোহৰলৈ আহিছে আৰু যোৱা ২৪ ঘণ্টাত আক্ৰান্তৰ হাৰ ৩০ শতাংশলৈ বৃদ্ধি পাইছে । কেজৰিৱালে কয় যে তেওঁ পুৱা এই বিষয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে কথা পাতিছে আৰু অধিক বিচনা উপলব্ধ কৰাৰ বাবে আবেদন জনাইছে ।