নিউজ ডেস্ক, 26 জানুৱাৰী :‘‘মোৰ মনে মানি ল’ব পৰা নাই ৷ মোৰ শ্ৰোতাই মোৰ পুৰস্কাৰ’’ ৷ এই বক্তব্যৰে পদ্মশ্ৰী প্ৰত্যাখান কৰিলে পশ্চিম বংগৰ প্ৰখ্যাত সংগীত শিল্পী সন্ধ্যা মুখাৰ্জীয়ে ৷ হেমন্ত মুখাৰ্জীৰ বাটেৰেই খোজ দি কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰা পদ্মশ্ৰী প্ৰত্যাখান কৰিলে কিংবদন্তি গৰাকীয়ে ৷
কিন্তু এই বৰ্ষীয়ান কণ্ঠশিল্পীগৰাকীয়ে পদ্মশ্ৰী প্ৰত্যাখান কৰিলে কিয় ? সেই কথা সংবাদ মাধ্যমক ইতিমধ্যেই জনাইছে সন্ধ্যা মুখাৰ্জীয়ে ৷ তেওঁ জনোৱা মতে, যি ধৰণে কেন্দ্ৰীয় চৰকাৰৰ সচিবালয়ৰ পৰা ফোন কৰি পদ্মশ্ৰী সন্মান প্ৰদানৰ কথা কোৱা হৈছে, সেই ধৰণটোত তেওঁ অসন্তুষ্ট ৷
সচিবালয়ৰ পৰা ফোন কৰি সন্ধ্যা বেনাৰ্জীক ফোন কৰি কোৱা হৈছিল যে, ‘‘কালিলৈ আমি আপোনাক পদ্মশ্ৰী সন্মান প্ৰদান কৰিব বিচাৰিছোঁ ৷ আপুনি সন্মান গ্ৰহণ কৰিব নে ? যদি কৰে তেন্তে পুৰস্কাৰ প্ৰাপক সকলৰ সৈতে কাইলৈ পুৱা আপোনাৰ নামো ঘোষণা কৰা হ’ব‘‘ ৷