অসম

assam

ETV Bharat / bharat

ট্ৰেজেডী কিঙৰ দেহাৱসান - বলিউদৰ ট্ৰেজেডী কিং দিলীপ কুমাৰ

বলিউদৰ প্ৰবীণ অভিনেতা দিলীপ কুমাৰৰ শেষ নিশ্বাস ত্যাগ ৷ বুধবাৰে মুম্বাইৰ এখন হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে বলিউদৰ ট্ৰেজেডী কিং দিলীপ কুমাৰে ৷ বিগত কিছুদিন ধৰি আইচিইউ(Intensive Care Unit)ত চিকিৎসাধীন হৈ আছিল অভিনেতাগৰাকী ৷

Legendary actor Dilip Kumar passes away
ট্ৰেজেডী কিঙৰ দেহাৱসান

By

Published : Jul 7, 2021, 9:14 AM IST

নেশ্যনেল ডেস্ক, 7জুলাই:অৱশেষত মৃত্যুৰে হাৰ মানিলে বলিউদৰ কিংবদন্তী অভিনেতা দিলীপ কুমাৰে ৷ বুধবাৰে পুৱাৰ ভাগত বলিউদৰ প্ৰবীণ অভিনেতাগৰাকীয়ে ইহসংসাৰ ত্যাগ কৰে ৷ মৃত্যুৰ সময়ত অভিনেতাগৰাকীৰ বয়স আছিল 98 বছৰ ৷ বিগত কেইবাদিনো ধৰি অভিনেতাগৰাকী বয়স-সম্বন্ধীয় বিভিন্ন ৰোগত ভুগি আছিল আৰু 30 জুনৰ পৰা মুম্বাইৰ এখন চিকিৎসালয়খনত আইচিইউ(Intensive Care Unit)ত চিকিৎসাধীন হৈ আছিল ৷

শ্বাস-প্ৰশ্বাসজনিত অসুবিধাৰ বাবে অভিনেতা গৰাকীক 6 জুনত মুম্বাইৰ খাড় অঞ্চলৰ পি ডি হিন্দুজা হাস্পতালত ভৰ্তি কৰোৱা হৈছিল ৷ সেই সময়ত কুমাৰৰ শৰীৰত bilateral pleural effusion সমস্যা ধৰা পৰিছিল ৷ অৱশ্যে চিকিৎসাৰ অন্তত পাঁচ দিনৰ পাচত তেওঁক চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হৈছিল ৷ স্বাস্থ্যৰ অৱনতি ঘটাত অভিনেতাগৰাকীক পুনৰ 30 জুনত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ৷

লগতে পঢ়ক:এতিয়াও আইচিইউত দিলীপ কুমাৰ

বলীউডৰ ‘ট্ৰেজেডি কিং’ হিচাপে পৰিচিত অভিনেতাগৰাকীয়ে প্ৰায় 65 খন ছবিত অভিনয় কৰিছে ৷ ইয়াৰ ভিতৰত আছে ‘দেৱদাস’(1955), ‘নয়া দোৰ’(1957), ‘মুগল-ই-আজম’(1960), ‘গংগা যমুনা’(1961), ‘কৰ্মা’(1986) ৷ দিলীপ কুমাৰক 1994 চনত ‘দাদা চাহেব ফাল্কে’ বঁটাৰে আৰু 2015 চনত ‘পদ্ম বিভূষণ’ সন্মানেৰে সন্মানিত কৰা হৈছিল ৷

লগতে পঢ়ক:জ্যেষ্ঠ অভিনেতা দিলীপ কুমাৰ চিকিৎসাধীন

ABOUT THE AUTHOR

...view details