অসম

assam

ETV Bharat / bharat

বাওঁমৰ্চাৰ চৰকাৰে SC উন্নয়ন নিগমক আৰ্থিকভাৱে পংগু কৰিছে : মন্ত্ৰী ভগৱান চন্দ্ৰ দাস - অনুসূচীত জাতি সমবায় উন্নয়ন নিগমৰ বাৰ্ষিক সাধাৰণ সভা

ত্ৰিপুৰা অনুসূচীত জাতি সমবায় উন্নয়ন নিগমৰ বাৰ্ষিক সাধাৰণ সভা (General meeting of Tripura SC Corporation) উদ্বোধন কৰে অনুসূচীত জাতি কল্যাণ মন্ত্ৰী ভগৱান চন্দ্ৰ দাসে । তেওঁৰ অভিযোগ, পূৰ্বৰ চৰকাৰে অনুসূচীত জাতি সমবায় উন্নয়ন নিগমক আৰ্থিকভাৱে দুৰ্বল কৰি থৈ গৈছে । অনুসূচীত জাতিৰ উন্নয়নৰ বাবে বৰ্তমানৰ বিজেপি চৰকাৰে বিভিন্ন পদক্ষেপ হাতত লৈছে ।

SC corporation
বাওঁমৰ্চাৰ চৰকাৰে SC উন্নয়ন নিগমক আৰ্থিকভাৱে পংগু কৰি থৈ গৈছে

By

Published : Mar 26, 2022, 1:05 PM IST

আগৰতলা, ২৬ মাৰ্চ :অনুসূচীত জাতিৰ উন্নয়নৰ বাবে বৰ্তমানৰ বিজেপি চৰকাৰে বিভিন্ন পদক্ষেপ হাতত লৈছে (Bjp government working for development of SC in Tripura) ৷ কেৱল এয়াই নহয় এই চৰকাৰে অনুসূচীত জাতিৰ কল্যাণৰ বাবে আন্তৰিকতাৰে কাম কৰি আছে । এই মন্তব্য ত্ৰিপুৰাৰ অনুসূচীত জাতি কল্যাণ মন্ত্ৰী ভগৱান চন্দ্ৰ দাসৰ । ত্ৰিপুৰা অনুসূচীত জাতি সমবায় উন্নয়ন নিগমৰ বাৰ্ষিক সাধাৰণ সভা (General meeting of Tripura SC Corporation) উদ্বোধন কৰি এই মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ।

অনুসূচীত জাতিৰ উন্নয়নৰ বাবে বহু উল্লেখ্যযোগ্য আঁচনি আছে ৷ কিন্তু প্ৰচাৰৰ অভাৱৰ বাবে ৰাইজে সেইবোৰৰ বিষয়ে নাজানে । সেয়েহে ৰাইজক এই ক্ষেত্ৰত সজাগ কৰিবলৈ বিভাগৰ বিষয়াসকলক নিৰ্দেশ দিয়ে মন্ত্ৰীগৰাকীয়ে । নিগমৰ বাৰ্ষিক সাধাৰণ সভাত ৰাজ্যৰ অনুসূচীত জাতিৰ ১১৫ গৰাকী লোকক বিভিন্ন ধৰণে আত্মনিৰ্ভৰশীল হ'বলৈ ২.৫১ লাখ টকাৰ ঋণ প্ৰদান কৰা হয় । ১০০ গৰাকী লোকক অট’ৰিক্সা প্ৰদান কৰা হয় ।

অনুসূচীত জাতি কল্যাণ মন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে ৪ গৰাকী হিতাধিকাৰীক অট’ৰিক্সা আৰু ৫ গৰাকী হিতাধিকাৰীক ঋণৰ অনুমোদন প্ৰদান কৰে । অনুষ্ঠানত ভাষণ প্ৰদান কৰি তেওঁ কয় যে, হিতাধিকাৰীসকল এই ঋণৰ দ্বাৰা আত্মনিৰ্ভৰশীল হ'বলৈ সক্ষম হ'ব । লগতে ঋণ লওঁতাসকলক সময়মতে ঋণ পৰিশোধ কৰিবলৈও তেওঁ আহ্বান জনায় ।

ভাষণ প্ৰসংগত পূৰ্বৰ বাওঁমৰ্চাৰ চৰকাৰক তীব্ৰ সমালোচনা কৰে মন্ত্ৰীগৰাকীয়ে । তেওঁৰ অভিযোগ অনুসৰি, পূৰ্বৰ চৰকাৰে অনুসূচীত জাতি সমবায় উন্নয়ন নিগমক আৰ্থিকভাৱে দুৰ্বল কৰি থৈ গৈছে (Left front government had crippled SC corporation financially) । কিন্তু বৰ্তমানৰ চৰকাৰ গঠন হোৱাৰ পাছত নিগমৰ ঋণৰ বোজা হ্ৰাস পাইছে । নিগমে বৰ্তমান স্বচ্ছতাৰে কাম কৰি আছে বুলিও দাবী কৰে মন্ত্ৰীগৰাকীয়ে ।

উল্লেখ্য যে, সুপৰিবাগানৰ দশৰথ ভৱনত অনুষ্ঠিত বাৰ্ষিক সাধাৰণ সভাত সভাপতিত্ব কৰে নিগমৰ অধ্যক্ষ তথা বিধায়ক ৰঞ্জিত দাসে । বৈঠকত বিধায়ক মিমি মজুমদাৰ, নিগমৰ পৰিচালক মণ্ডলীৰ সদস্য মীনাক্ষী দাস, নিগমৰ পৰিচালন সঞ্চালক সন্তোষ দাসৰ লগতে বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

লগতে পঢ়ক :ত্ৰিপুৰাত স্থাপন হ'ব নতুন তিনিখন সীমান্ত বজাৰ: উদ্যোগ মন্ত্ৰী মনোজ কান্তি দেৱ

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details