নেশ্যনেল ডেস্ক, 14 জানুৱাৰী : উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে বৃহস্পতিবাৰে পুৱাই মকৰ সংক্ৰান্তি উপলক্ষে গোৰখনাথ মন্দিৰত ভগৱানৰ আশিস লয় ৷
আদিত্যনাথে ভগৱানৰ আশিস লৈ সকলোকে মকৰ সংক্ৰান্তিৰ শুভেচ্ছা জ্ঞাপন কৰে ৷ আদিত্যনাথে কয় যে, ''মই সকলোকে মকৰ সংক্ৰান্তিৰ শুভেচ্ছা জ্ঞাপন কৰিলো, এই উৎসৱ সমগ্ৰ দেশতে পালন কৰা হয় ৷ ঠাইভেদে ইয়াৰ নাম পৃথক-পৃথক ৷ দক্ষিণ ভাৰতত ইয়াক পঞ্জাৱত পংগাল-লোহৰী বুলি কোৱা হয় আৰু অসমত ইয়াক বিহু বুলি কোৱা হয়'' ৷
মুখ্যমন্ত্ৰী গৰাকীয়ে ইয়াৰ লগতে কয় যে, সূৰ্য আৰু ঈশ্বৰৰ বাবে উৎসৰ্গিত এই উৎসৱত ভক্তসকলে নদীত স্নান কৰে আৰু সূৰ্য দেৱতাক প্ৰাৰ্থনা কৰে । আনকি গোৰখনাথ মন্দিৰত ভগৱানৰ আশিষ ল'বলৈ প্ৰতিবছৰে বহু লোকৰ আগমণ ঘটে আৰু মকৰ সংক্ৰান্তিৰ সময়ত উক্ত স্থানত স্নান কৰিবলৈ বহু ভক্তৰ আগমণ ঘটে বুলি মন্তব্য কৰে আদিত্যনাথে ৷