নিউজ ডেস্ক , ১৫ জানুৱাৰী :শুকুৰবাৰে দেশজুৰি ভাৰতীয় সৈনিক দিৱস পালন কৰা হয় । ৭৩ সংখ্য়ক সৈনিক দিৱসৰ লগত সংগতি ৰাখি সমূহ ভাৰতীয় সেনালৈ বিশেষ শুভকামনা জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । শুভকামনা জনাই তেওঁ কয় যে ভাৰতৰ শক্তিশালী আৰু সাহসী সেনা বাহিনীয়ে সদায় দেশক গৌৰৱান্বিত কৰি ৰাখিছে । মা ভাৰতীৰ আৰু ৰাইজৰ বাবে জীৱনৰ প্ৰতিটো সময় উচৰ্গা কৰা পৰাক্ৰমী সৈনিকক সেনা দিৱসৰ শুভেচ্ছা জনাই প্ৰধানমন্ত্ৰী গৰাকীয়ে । টুইটযোগে সমগ্ৰ ভাৰতীয়ৰ হৈ তেওঁ শুভেচ্ছা জনাই দেশৰ সৈনিক সকলক ।
ইফালে ভাৰতৰ ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতিয়েও সৈনিক আৰু তেওঁলোকৰ পৰিয়াললৈ বিশেষ শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰা দেখা গ'ল । টুইটাৰযোগে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙেও প্ৰতিগৰাকী বীৰ জোৱানক এই বিশেষ দিনটোত শুভেচ্ছা জনায় । ভাৰতীয় সেনাৰ নি:স্বাৰ্থ বলিদান আৰু ত্য়াগত স্বীকাৰ কৰি প্ৰতিগৰাকী সৈনিক তথা তেওঁলোকৰ পৰিয়ালক শুভেচ্ছা জনালে কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে ।