নিউজ ডেস্ক, 14 নৱেম্বৰ: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে দিপাৱলী উপলক্ষে জনতাক পোহৰৰ উৎসৱ দিপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰে ।
"সকলোকে দিপাৱলীৰ শুভেচ্ছা জনালো ! এই উৎসৱে অধিক উজ্জ্বলতা আৰু সুখ কঢ়িয়াই আনক। সকলো সুস্বাস্থ্যকৰ হৈ থাকক," প্ৰধানমন্ত্ৰীয়ে টুইটযোগে কয় ৷ শুকুৰবাৰে তেওঁ দেশৰ নাগৰিকসকলক সীমাত দেশক পহৰা দিয়া সৈন্যসকলৰ সন্মানাৰ্থে দিপাৱলীত 'বন্তি' জ্বলাই সেনাক অনুপ্ৰাণিত কৰিবলৈ আহ্বান জনায় ।
প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ শেহতীয়া 'মন কী বাত' কাৰ্য্যসূচীৰ এটা অডিঅ' ক্লিপ টুইট কৰিছিল, য'ত তেওঁ পোহৰৰ উৎসৱত সৈন্যসকলৰ বাবে 'বন্তি' প্ৰজ্বলিত কৰাৰ বাবে নাগৰিকসকলক আহ্বান জনাইছিল ।
"আমি আমাৰ সাহসী সৈন্যসকলক মনত ৰাখিব লাগিব, যি সকলে এই উৎসৱৰ সময়তো আমাৰ সীমাৰ সুৰক্ষা দি ভাৰত মাতাৰ সেৱা কৰি আছে । আমি প্ৰথমে সেইসকলক মনত পেলাই সন্মান জনোৱাৰ পাছতহে দিপাৱলী উদযাপন কৰিব লাগে । আমি ভাৰত মাতৃৰ এই সাহসী পুত্ৰ আৰু কন্যাৰ বাবে এগছি বন্তি জ্বলাব লাগিব," প্ৰধানমন্ত্ৰীয়ে কয় ।
লগতে পঢ়ক: বাৰাণসীত মুছলিম মহিলাৰ শ্ৰীৰাম মহা আৰতী পৰিৱেশন