অসম

assam

By

Published : Apr 20, 2021, 1:38 PM IST

ETV Bharat / bharat

মনমোহন সিঙৰ আশু আৰোগ্যৰ বাবে দেশবাসীৰ প্ৰাৰ্থনা

সোমবাৰে কৰ'ণাত আক্ৰান্ত হোৱাৰ পিছতে দিল্লীৰ এইম্ছত ভৰ্তি কৰোৱা হৈছে দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙক । জ্যেষ্ঠ নেতাগৰাকীৰ বাবে এতিয়া দেশৰ ভিন্ন প্ৰান্তত চলিছে প্ৰাৰ্থনা । প্ৰতিটো ৰাজনৈতিক দলৰ শীৰ্ষ নেতাই সুস্বাস্থ্য কামনা কৰা দেখা গ'ল ।

মনমোহন সিঙৰ আশু আৰোগ্যৰ বাবে দেশবাসীৰ প্ৰাৰ্থনা
মনমোহন সিঙৰ আশু আৰোগ্যৰ বাবে দেশবাসীৰ প্ৰাৰ্থনা

নেশ্যনেল ডেস্ক,২০ এপ্ৰিল:প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং কৰ'ণাত আক্ৰান্ত হোৱাৰ পিছতে হাজাৰ হাজাৰ লোকে তেওঁৰ আশু আৰোগ্য কামনা কৰা দেখা গৈছে । সম্প্ৰতি এইম্ছত চিকিৎসাধীন প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ সুস্বাস্থ্য কামনা কৰি বিভিন্ন স্থানৰ পৰা তেওঁৰ অনুগামীসকলে প্ৰাৰ্থনা জনাইছে ।

আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে টুইটযোগে জ্যেষ্ঠ নেতাগৰাকীৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনায় । ভাৰতক বৰ্তমান সময়ত মনমোহন সিঙৰ দৰে নেতাৰ প্ৰয়োজন আছে বুলি কৈ তেওঁৰ সুস্বাস্থ্য কামনা কৰা দেখা গ'ল কংগ্ৰেছ নেতা ৰাহুল গান্ধীক ।

কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ টুইট

প্ৰিয়ংকা গান্ধীয়েও টুইটযোগে প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ দ্ৰুত আৰোগ্যৰ কামনা কৰে । মনমোহন সিঙৰ লগতে তেওঁৰ পৰিয়ালৰ বাবেও প্ৰাৰ্থনা জনাই প্ৰিয়ংকা গান্ধীয়ে ।

প্ৰিয়ংকা গান্ধীৰ টুইট

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পি চিদাম্বৰমে মনমোহন সিঙৰ আশু আৰোগ্য কামনা কৰি এক টুইট কৰি কয় যে সমগ্ৰ দেশে আজি তেওঁৰ বাবে প্ৰাৰ্থনা কৰিছে । কেন্দ্ৰীয় মন্ত্ৰী ড০ এছ জয়শংকৰেও টুইটযোগে নেতাগৰাকীৰ দ্ৰুত আৰোগ্য কামনা কৰে ।

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পি চিদাম্বৰমৰ টুইট

পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে খবৰটো শুনি গভীৰ চিন্তিত বুলি মন্তব্য কৰাৰ লগতে তেওঁৰ দ্ৰুত আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনায় । প্ৰতিখন ৰাজ্যৰ বিভিন্ন দলৰ প্ৰতিনিধিসকলেও জ্যেষ্ঠ নেতাগৰাকী আৰোগ্য হোৱাৰ বাবে প্ৰাৰ্থনা জনায় । কৰ্ণাটকৰ কংগ্ৰেছ সভাপতি ডি.কে শিৱকুমাৰে টুইটযোগে কয় যে মনমোহন সিঙৰ দৰে জ্যেষ্ঠ আৰু অভিজ্ঞ নেতাজন সোনকালে সুস্থ হ'ব আৰু পূৰ্বৰ দৰে তেওঁলোকক বিভিন্ন ক্ষেত্ৰত পৰামৰ্শ দিব ।

মনমোহন সিঙৰ আশু আৰোগ্য কামনা মমতা বেনাৰ্জীৰ

জম্মু-কাশ্মীৰ নেশ্যনেল কনফাৰেন্সৰ তৰফৰ পৰাও ফাৰুক আব্দুল্লা, ওমৰ আব্দুল্লা আৰু দলৰ তৰফ পৰা নেতাগৰাকীৰ সুস্বাস্থ্য কামনা কৰে । দলটোৰ মুখপাত্ৰৰ মতে আহি থকা সময়ত দেশৰ বাবে তেওঁৰ দৰে জ্ঞানী আৰু বিচক্ষণ পৰামৰ্শৰ যথেষ্ট প্ৰয়োজন ।

লগতে পঢ়ক:কৰ’ণাত আক্ৰান্ত প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং

For All Latest Updates

TAGGED:

jaishankar

ABOUT THE AUTHOR

...view details