নেশ্যনেল ডেস্ক, ১২ ছেপ্টেম্বৰ :কেন্দ্ৰীয় কাৰাগাৰত চন্দ্ৰবাবু নাইডুৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি আছে । যাৰ বাবে কাৰাগাৰত বন্দী প্ৰাক্তন মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৰ হৈ অধিবক্তাসকলে স্থানীয় আদালতৰ ওচৰত টিডিপি প্ৰধানক 'গৃহবন্দী' কৰি ৰাখিবলৈ অনুৰোধ জনাইছে । উচ্চতম ন্যায়ালয়ৰ অধিবক্তা সিদ্ধাৰ্থ লুথৰাৰ নেতৃত্বত অধিবক্তাৰ দলটোৱে তেওঁলোকৰ যুক্তিত উদ্বেগ প্ৰকাশ কৰি কয় যে, ৰাজমহেন্দ্ৰভাৰাম কেন্দ্ৰীয় কাৰাগাৰত নাইডুৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি আছে ।
লুথৰাই এচিবি আদালতৰ সন্মুখত তেওঁৰ যুক্তিত কৈছিল যে, কেন্দ্ৰীয় কাৰাগাৰত নাইডুৰ বাবে জীৱনৰ ভাবুকি আছে আৰু প্ৰাক্তন মুখ্যমন্ত্ৰীক এনে এখন কাৰাগাৰত ৰখা উচিত নহয় য'ত কট্টৰ অপৰাধী আছে । উচ্চতম ন্যায়ালয়ৰ অধিবক্তাগৰাকীয়ে কয় যে, চন্দ্ৰবাবু নাইডুৰ জেড প্লাছ নিৰাপত্তা শ্ৰেণীৰ সুৰক্ষা আছিল আৰু তেওঁ এতিয়ালৈকে ৰাষ্ট্ৰীয় নিৰাপত্তা ৰক্ষীৰ সুৰক্ষাৰ অধীনত আছে । লুথৰাই তেওঁৰ যুক্তিত আদালতক কয় যে, নাইডুৰ বয়স ৭৩ বছৰ আৰু ডায়েবেটিচ আৰু ৰক্তচাপজনিত সমস্যাৰ সৈতে যুঁজি আছে ।