নেশ্যনেল ডেস্ক, 16 জানুৱাৰী:কেন্দ্ৰীয় মন্ত্ৰী তথা আইন মন্ত্ৰী কিৰেণ ৰিজিজুৱে(Union Law Minister Kiren Rijiju) দেশৰ মুখ্য ন্যায়াধিশ ডি ৱাই চন্দ্ৰচূড়(DY Chandrachud) লিখা এখন পত্ৰৰ পিছতেই বিৰোধীৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ(Union Law minister letter to CJI) ৷ উল্লেখ্য যে, কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে ন্যায়াধীশ নিৰ্বাচনত প্ৰক্ৰিয়াত চৰকাৰী মনোনীত ব্যক্তিক অন্তৰ্ভুক্ত কৰিবলৈ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰশেখৰলৈ পত্ৰ লিখিছিল ৷ কেন্দ্ৰী মন্ত্ৰী কিৰেণ ৰিজিজুৰ দাবী যে, যদিহে চৰকাৰী প্ৰতিনিধিক অন্তৰ্ভুক্ত কৰা হয় তেন্তে ন্যায়াধীশ নিৰ্বাচন প্ৰক্ৰিয়া স্বচ্ছ আৰু ৰাজহুৱা হ’ব ৷
ৰিজিজুৰ এই পত্ৰৰ পিছতেই এতিয়া বিৰোধীয়ে তীব্ৰ সমালোচনা কৰিছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক(Opposition slams Kiren Rijiju) ৷ চৰকাৰে ন্যায়পালিকাক হস্তক্ষেপ কৰিব বিচৰাৰ অভিযোগ উত্থাপন কৰিছে বিৰোধী ৰাজনৈতিক দলসমূহে ৷ বিশেষকৈ কংগ্ৰেছে অভিযোগ উত্থাপন কৰিছে যে, আইন মন্ত্ৰী কিৰেণ ৰিজিজুৱে ন্যায়পালিকাৰ ওপৰত বাবে বাবে কৰা আক্ৰমণ আৰু দেশৰ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে(Vice President Jagdeep Dhankhar) ৰাষ্ট্ৰীয় ন্যায়িক নিযুক্তি আয়োগ(National Judicial Appointments Commission) আইনক প্ৰত্যাহাৰ কৰিবলৈ কৰা সমালোচনা হৈছে ভাৰতৰ ন্যায় ব্যৱস্থান ভীতিগ্ৰস্ত কৰিবলৈ কৰা এক বৃহৎ পৰিকল্পনাক অংশ ৷
ভাৰতৰ স্বতন্ত্ৰ ন্যায়িক ব্যৱস্থাৰ ওপৰত উপ-ৰাষ্ট্ৰপতিৰ আক্ৰমণ আৰু কেন্দ্ৰীয় আইন মন্ত্ৰীৰ আক্ৰমণ ন্যায়পালিকাক সম্পূৰ্ণৰূপে ধ্বংস কৰিবলৈ ৰচা এক ষড়যন্ত্ৰ বুলি আখ্যা দিছে কংগ্ৰেছে(Congress slams Union Law minister) ৷ লগতে কংগ্ৰেছে কয় যে, ‘‘ন্যায় প্ৰক্ৰিয়াত কিছু সংশোধনৰ নিশ্চয় প্ৰয়োজন ৷ কিন্তু চৰকাৰে যি কৰিব বিচাৰিছে সেয়া কেতিয়াও গ্ৰহণযোগ্য নহয় ৷ চৰকাৰে যি কৰিব বিচাৰিছে সেয়া ন্যায়ব্যৱস্থাৰ বাবে এক বিষাক্ত পিল সদৃশ ৷ ’’