নেশ্যনেল ডেস্ক, ২৩ জুলাই: সমগ্ৰ দেশতে বৰ্তমানেও ক'ভিড-১৯(COVID-19) মহামাৰীৰ দ্বিতীয় ঢৌৰ সংক্ৰমণ অব্যাহত আছে যদিও তুলনামূলকভাৱে হ্ৰাস পাইছে দৈনিক আক্ৰান্তৰ সংখ্যা । শুকুৰবাৰে পুৱা কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়(Union Health and Family Welfare Ministry)ৰ পৰা পোৱা তথ্য মতে, যোৱা ২৪ ঘণ্টাত ভাৰতত ৩৫,৩৪২ জন লোক নতুনকৈ ক'ভিড-১৯ মহামাৰীত আক্ৰান্ত হয় । আনহাতে, বুধবাৰে অৰ্থাৎ নতুনকৈ ৪১,৩৮৩ জন লোক মহামাৰীৰ কবলত পৰিছিল । ইয়াৰ পূৰ্বে মঙলবাৰে আক্ৰান্ত হৈছিল ৪২,০১৫ জন লোক ।
সমান্তৰালকৈ হ্ৰাস পাইছে ক'ভিড-১৯ত আক্ৰান্তৰ মৃত্যুৰ হাৰ । বৃহস্পতিবাৰৰ দিনটোত ৪৮৩ জন ৰোগীয়ে প্ৰাণ হেৰুৱাইছে আৰু এই পৰিসংখ্যাসহ এতিয়ালৈকে দেশত মহামাৰীৰে যুঁজি প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা হৈছেগৈ ৪,১৯,৪৭০ জন । ইফালে বুধবাৰে ৫০৭ জন ৰোগীৰ মৃত্যু হৈছিল । বৰ্তমান দেশত সক্ৰিয় ক'ভিড ৰোগীৰ সংখ্যা হৈছে ৪,০৫,৫১৩ গৰাকী ।