অসম

assam

ETV Bharat / bharat

দীপাৱলী উপলক্ষে লতা মংগেশকাৰৰ বিশেষ আহ্বান - মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে

বাযু প্ৰদুষণ ৰোধৰ বাবে ৰাইজলৈ এই বিশেষ আহ্বান শিল্পী গৰাকীৰ ৷ টুইটাৰৰ জড়িয়তে ৰাইজলৈ আহ্বান লতা মংগেশকাৰৰ ৷

lata-mangeshkar-urges-public-to-refrain-from-bursting-crackers
দীপাৱলী উপলক্ষে লতা মংগেশকাৰৰ বিশেষ আহ্বান

By

Published : Nov 9, 2020, 8:21 AM IST

নিউজ ডেস্ক ৰিপৰ্ট, 9 নৱেম্বৰ:দীপাৱলীলৈ মাজত মাথো কেইটামান দিন বাকী ৷ দীপাৱলীৰ প্ৰাক মুহুৰ্তত সমগ্ৰ দেশবাসীলৈ বিশেষ আহ্বান জনাইছে জনপ্ৰিয় কন্ঠশিল্পী লতা মংগেশকাৰে ৷ বায়ু প্ৰদুষণ ৰোধৰ বাবে এই বৰ্ষৰ দীপাৱলীত সকলোকে আচতবাজী ফুটোৱাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে শিল্পী গৰাকীয়ে ৷ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ উপদেশক মানি চলি সকলোকে আতচবাজীৰ ব্যৱহাৰৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে বৰ্ষীয়ান কন্ঠশিল্পী গৰাকীয়ে ৷ আতচবাজীৰ পৰিৱৰ্তে ঘৰতে থাকি,বন্তি প্ৰজ্বলনেৰে পোহৰৰ উৎসৱটি উদযাপন কৰিবলৈ আহ্বান জনাইছে শিল্পী গৰাকীয়ে ৷ লগতে সকলোকে মাস্ক পৰিধান কৰি,ঘৰতে দীপাৱলী উদযাপন কৰিবলৈ টুইটাৰ যোগে আহ্বান জনাইছে 91 বছৰীয়া শিল্পী গৰাকীয়ে ৷

উল্লেখ্য যে,বায়ু প্ৰদুষণ ৰোধৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰি ইতিমধ্যে হাৰিয়ানা,কৰ্ণাটক,দিল্লী,ৰাজস্থান আৰু ওড়িশাত নিষিদ্ধ কৰা হৈছে আতচবাজী ৷ ইফালে আতচবাজীৰ ব্যৱহাৰৰ পৰা বিৰত থাকি বন্তি প্ৰজ্বলনেৰে অতি সাধাৰণ ভাৱে পোহৰৰ উৎসৱটি উদযাপনৰ বাবে ৰাইজলৈ আহ্বান জনাইছে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেয়ে ৷

লগতে পঢ়কঃঅৱশেষত উন্মোচন কৰা হ'ল বিতৰ্কৰ আবৰ্তত সোমাই পৰা জোঙালবলহুৰ মূৰ্তি

ABOUT THE AUTHOR

...view details