নেশ্যনেল ডেস্ক, 22 এপ্ৰিল :বৃহস্পতিবাৰে পুঞ্চত উগ্ৰপন্থী আক্ৰমণত নিহত হয় পাঁচজন ভাৰতীয় সেনা জোৱান ৷ ইয়াৰে চাৰিজন ক্ৰমে হাবিলদাৰ মনদ্বীপ সিং, লেন্স নায়ক কে কুলৱন্ত সিং, ছেপই সেৱক সিং আৰু ছেপই হৰকৃষণ সিং পঞ্জাৱৰ বাসিন্দা ৷ আন এজন লেন্স নায়ক কে দেবাশীষ ওড়িশাৰ বাসিন্দা (soldiers killed in Poonch) ৷ শনিবাৰে নিজ নিজ জন্মস্থানলৈ অনা হয় তেওঁলোকৰ নশ্বৰ দেহ । শ্বহীদ জোৱানকেইজনক শ্ৰদ্ধাঞ্জলি জনাবলৈ সমবেত হয় গাঁৱৰ ৰাইজ । সন্ত্ৰাসবাদ বিৰোধী অভিযানত নিয়োজিত হোৱা মৃত জোৱান কেইজন সেনাৰ ৰাষ্ট্ৰীয় ৰাইফলছ ৪৯ ইউনিটৰ আছিল (Poonch terror attack) ।
হাবিলদাৰ মনদীপ সিঙৰ নশ্বৰ দেহ লুধিয়ানা জিলাৰ চানকৈয়ান কালানৰ তেওঁৰ জন্মভূমিলৈ অনা হয় । সাহসী সৈনিকজনক শেষ শ্ৰদ্ধা জনাবলৈ অসংখ্য মানুহে ভিৰ কৰা পৰিলক্ষিত হয় । সৈনিকজনৰ কৰুণ মৃত্যু পৰিয়ালৰ সদস্যসকলৰ বাবে অসহনীয় হৈ পৰিছিল (soldiers killed in Poonch terror attack) ।
ছেপই সেৱক সিঙৰ মৃতদেহ ভাতিণ্ডাৰ তালৱাণ্ডি ছাবো মহকুমাৰ জন্ম গাঁওখনলৈ অনা হয় । জোৱানজনক শ্ৰদ্ধাঞ্জলি জনাবলৈ সমবেত হৈছিল ৰাইজ । ২০১৮ চনত ভাৰতীয় সেনাবাহিনীত যোগদান কৰা সেৱক সিঙে প্ৰায় ২০ দিন পূৰ্বে ছুটী লৈ পুনৰ কৰ্তব্যলৈ ঘূৰি আহিছিল । আপৰ বিধায়ক বলজিন্দৰ কৌৰ আৰু নিহত কণ্ঠশিল্পী সিদ্ধু মুছেৱালাৰ পিতৃয়েও সাহসী জোৱানজনক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ সমাৱেশত যোগদান কৰিছিল । সৈনিকজনক সামৰিক সন্মানেৰে অন্ত্যেষ্টিক্ৰিয়া কৰা হয় ।