অসম

assam

ETV Bharat / bharat

Last rites of Gen Rawat : সম্পূৰ্ণ সামৰিক মৰ্যাদাৰে সম্পন্ন হ’ব জেনেৰেল বিপিন ৰাৱাটৰ শেষকৃত্য - চীফ অৱ ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱাট

আজি শেষকৃত্য সম্পন্ন হ’ব জেনেৰেল বিপিন ৰাৱাট আৰু পত্নী মধুলিকা ৰাৱাটৰ ৷ বিয়লি পাঁচ বজাত সম্পূৰ্ণ সামৰিক মৰ্যাদাৰে কৰা হ’ব সৎকাৰ ৷

Last rites of Gen Rawat
Last rites of Gen Rawat

By

Published : Dec 10, 2021, 9:28 AM IST

নিউজ ডেস্ক, 10 ডিচেম্বৰ :বুধবাৰে তামিলনাডুত সংঘটিত শোকাৱহ হেলিকপ্টাৰ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা চীফ অৱ ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱাট আৰু তেওঁৰ পত্নী মধুলিকা ৰাৱাটৰ শুকুৰবাৰে অৰ্থাৎ আজি শেষকৃত্য সম্পন্ন কৰা হ’ব (Last rites of Chief Gen Rawat)৷ বিয়লি 5 বজাত দিল্লী কেন্টনমেন্টৰ বাৰাৰ স্কৱাৰ শ্মশানত(Brar Square crematorium Delhi) সম্পূৰ্ণ সামৰিক মৰ্যাদাৰে সম্পন্ন কৰা হ’ব অন্ত্যেষ্টিক্ৰিয়া ৷ কামৰাজ মাৰ্গৰ পৰা দুপৰীয়া দুই বজাত এক শোভাযাত্ৰাৰে জেনেৰেল ৰাৱাট আৰু মিঃ ৰাৱাটৰ নশ্বৰ দেহ লৈ যোৱা হ’ব ৷

সাধাৰণ লোকসকলে দিনৰ 11 বজাৰ পৰা 12.30 বজাৰ ভিতৰত কামৰাজ মাৰ্গলৈ আহি জেনেৰেল ৰাৱাটৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিব পাৰিব ৷ একেদৰে 12.30 বজাৰ পৰা 1.30 বজালৈকে শ্ৰদ্ধাঞ্জলি জনাব পাৰিব সেনা বাহিনীৰ লোকসকলে ৷

উল্লেখ্য যে, বুধবাৰে কুন্নুৰত শোকাৱহভাৱে মৃত্যুক সাৱটি লোৱা জেনেৰেল ৰাৱাটৰ নশ্বৰ দেহ বৃহস্পতিবাৰে সন্ধিয়া তামিলনাডুৰ চুলুৰৰ পৰা দিল্লীৰ পালামস্থিত বায়ুসেনা চাউনীলৈ অনা হয় ৷ তাতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে জেনেৰেল ৰাৱাট, মিঃ ৰাৱাট আৰু আন 11 গৰাকী মৃতকৰ প্ৰতি শ্ৰদ্ধা জনায় (PM modi pays tributes to Genl Bipin Rawat) ৷

ভাৰতীয় আটাইকেইটা সেনাবাহিনীৰ সৰ্বাধিনায়ক জেনেৰেল বিপিন ৰাৱাট, তেওঁৰ পত্নী মধুলিকা ৰাৱাট আৰু আন 11 গৰাকী সেনা বিষয়াৰ বুধবাৰে তামিলনাডুৰ কুন্নুৰত সংঘটিত এটা হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু হয় ৷ এই দুৰ্ঘটনাত প্ৰাণ বাচিছে মাত্ৰ গ্ৰুপ কেপ্টেইন বৰুণ সিঙৰ ৷ তেওঁ বৰ্তমান চিকিৎসাধীন হৈ আছে বেংগালুৰুত ৷

লগতে পঢ়ক :ৰাৱাটক শেষ শ্ৰদ্ধাজ্ঞলি জনাবলৈ পালম এয়াৰবেছত ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰী

ABOUT THE AUTHOR

...view details