নিউজ ডেস্ক, 29 নৱেম্বৰ: গুজৰাটৰ মুঠ ১৮২খন আসনৰ ভিতৰত ৮৯ খন আসনৰ বাবে অনুষ্ঠিত হ’ব লগীয়া প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ মঙলবাৰে সমাপ্ত হ’ব (First phase of Gujarat Assembly polls)। ১ ডিচেম্বৰত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ’ব । বাকী ৯৩ খন আসনৰ বাবে ৫ ডিচেম্বৰত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব । প্ৰথম পৰ্যায়ত প্ৰতিদ্বন্দ্বিতা কৰা বিজেপি প্ৰাৰ্থীৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি জেপি নাড্ডা আৰু কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে মঙলবাৰে ক্ৰমে ভৱনগৰ আৰু গান্ধীধামত প্ৰচাৰ চলাব (Gujrat Poll campaigning)।
প্ৰথম পৰ্যায়ৰ উল্লেখযোগ্য প্ৰাৰ্থীৰ ভিতৰত আছে দেৱভূমি দ্বাৰকা জিলাৰ খাম্ভলীয়া আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা আম আদমি পাৰ্টিৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী ইছুদান গাধৱী (Gujrat assembly poll 2022) । গুজৰাটৰ প্ৰাক্তন মন্ত্ৰী পাৰ্শ্বোত্তম চোলাংকি, ছবাৰৰ বিধায়ক কোঁৱৰজী বাৱলীয়া, মৰ্বিৰ ‘নায়ক’ কান্তিলাল অমৰুটিয়া, ভাৰতীয় ক্ৰিকেটাৰ ৰবীন্দ্ৰ জাদেজাৰ পত্নী ৰিভাবা ৷ গুজৰাট আপৰ সভাপতি গোপাল ইটালিয়াও ৰাজ্যৰ বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে বিশিষ্ট প্ৰাৰ্থীৰ ভিতৰত আছে ৷
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, সভাপতি জেপি নড্ডাকে ধৰি অন্যান্য বিজেপি নেতাসকলে ইতিমধ্যে প্ৰথম পর্যায়ত প্ৰতিদ্বন্দ্বিতা কৰা তেওঁলোকৰ দলীয় প্ৰার্থীসকলৰ বাবে জনসমর্থন লাভ কৰিবলৈ সমদল উলিয়াইছে৷ আপৰ ৰাষ্ট্ৰীয় আহ্বায়ক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালেও নিজৰ দলৰ প্ৰাৰ্থীৰ হৈ ব্যাপক প্ৰচাৰ চলাইছে আৰু গুজৰাটৰ জনসাধাৰণক বহু প্ৰতিশ্ৰুতি দিছে ৷ যদিহে তেওঁৰ দলটোক যোৱা ২৭ বছৰ ধৰি বিজেপিৰ দ্বাৰা পৰিচালিত ৰাজ্যখনত ক্ষমতালৈ ভোট দিয়া হয় তেন্তে প্ৰতিশ্ৰুতি অনুসৰি কাম কৰিব বুলি জনায় কেজৰিৱালে ।
কংগ্ৰেছৰ পৰা সভাপতি মল্লিকাৰ্জুন খৰ্গে আৰু ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটেও তেওঁলোকৰ দলৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰত নামি পৰিছে । মঙলবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথেও ৫ ডিচেম্বৰত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা বিজেপি প্ৰাৰ্থীৰ বাবে ৰাজ্যখনত প্ৰচাৰ চলাব (BJP election campaign in Gujrat)।