নেশ্যনেল ডেস্ক,১৯ আগষ্ট :ভাৰতৰ মাছমৰীয়াৰ ওপৰত শ্ৰীলংকাৰ নৌসেনাৰ আক্ৰমণ অব্যাহত আছে । ২০১৪ চনত বিজেপি শাসনলৈ অহাৰ পাছত শ্ৰীলংকাৰ নৌসেনাৰ উচ্চপদস্থ বিষয়াসকলৰ অতপালি যথেষ্ট বৃদ্ধি পাইছে । এই অভিযোগ তামিলনাডুৰ মুখ্যমন্ত্ৰী তথা ডিএমকেৰ সভাপতি এম কে ষ্টেলিনৰ । মাছমৰীয়াসকলক সুৰক্ষা দিয়া বুলি দাবী কৰি আহিছে যদিও সেই দাবী নস্যাৎ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে পাল্ক ষ্ট্ৰেইটকে ধৰি ইয়াৰ আশে-পাশে চুবুৰীয়া দেশখনৰ নৌসেনাৰ আক্ৰমণ বৃদ্ধিহে পাইছে ।
উপকূলীয় ৰামনাথপুৰম জিলাৰ ৰামেশ্বৰমৰ ওচৰৰ মন্দপামত মাছমৰীয়া সন্মিলনত ভাষণ দি তেওঁ বিজেপিক প্ৰশ্ন কৰে মাছমৰীয়াসকলৰ দুৰ্দশা ৰক্ষা কৰিবলৈ ২০১৪ চনত মোডীয়ে দিয়া নিৰ্বাচনী প্ৰতিশ্ৰুতিৰ কি হ'ল ? তেওঁ লোকসভা নিৰ্বাচনৰ পূৰ্বে প্ৰাক্তন নেত্ৰী সুষমা স্বৰাজে কাচ্চাথিভু উদ্ধাৰ কৰাৰ প্ৰতিশ্ৰুতিও স্মৰণ কৰে ।
তেওঁ অভিযোগ কৰা মতে চৰকাৰ সলনি হৈ বিজেপি আহিল যদিও মাছমৰীয়াসকলৰ ওপৰত অত্যাচাৰ বৃদ্ধি পাইছে । আক্ৰমণ, গ্ৰেপ্তাৰ আৰু কাৰাগাৰত বন্দী হোৱাৰ উপৰিও মাছমৰীয়াৰ অধিক জাহাজ জব্দ কৰিছে । শ্ৰীলংকা চৰকাৰৰ বাবে মাছ ধৰা জাল আৰু নাও ধ্বংস কৰাটো অভ্যাসগত হৈ পৰিছে বুলিও তেওঁ অভিযোগ কৰে । ২০১৪ চনত ৰামনাথপুৰমত অনুষ্ঠিত ৰেলীত মোডীয়ে কংগ্ৰেছ চৰকাৰৰ দুৰ্বলতাক দোষাৰোপ কৰিছিল কিন্তু বিজেপি শাসনৰ অধীনত ৯ বছৰত পৰিস্থিতি আৰু উন্নত হৈছে নেকি বুলি তেওঁ প্ৰশ্ন কৰে ।