নেশ্যনেল ডেস্ক, 4 আগষ্ট :হিমাচল প্ৰদেশৰ চোলান জিলাত মঙলবাৰে ভূমিস্খলনৰ এক ঘটনা সংঘটিত হয় ৷ এই ভূমিস্খলনৰ ফলত অঞ্চলটোৰ এজন যুৱকৰ মৃত্যু হয় ৷ মৃত যুৱকজন উত্তৰ প্ৰদেশৰ কানপুৰৰ জাখিয়ান গাঁৱৰ লালু ৰাম(22) বুলি জানিব পৰা হৈছে ৷ আনহাতে এই ভূমিস্খলনত আন দুজন লোক গুৰুতৰভাবে আহত হয় ৷ আহত লোক দুজন কানপুৰৰ অমৰ সিং(19) আৰু পাৰৱানুৰ ৰাম লাল থাপা (47) ।
হিমাচল প্ৰদেশৰ চোলান জিলাৰ জৰুৰীকালীন অভিযান কেন্দ্ৰ(Emergency Operation Centre) ৰ পৰা পোৱা তথ্য অনুসৰি পুৱতি নিশা পাৰৱানুৰ চেক্টৰ তিনিৰ এখন হোটেলৰ ওচৰত এই ভূমিস্খলন সংঘটিত হয় ৷ চিৰমৌৰ জিলাত সংঘটিত এই ভূমিস্খলনৰ ফলত নাহান-কুমহাৰহাট্টি ৰাষ্ট্ৰীয় ঘাইপথটো বন্ধ হৈ পৰে ৷