অসম

assam

Rudraprayag landslide : ৰুদ্ৰপ্ৰয়াগত ভয়ংকৰ ভূমিস্খলন, ৩ জনৰ মৃত্যু

By

Published : Aug 5, 2023, 12:18 PM IST

উত্তৰাখণ্ডত ভয়ংকৰ ভূমিস্খলনৰ ঘটনা । কেইবাটাও স্থানত ধাৰাসাৰ বৰষুণ আৰু ভূমিস্খলনৰ ফলত কেইবাজনো লোকৰ মৃত্যু । ৰুদ্ৰপ্ৰয়াগৰ ভূমিস্খলনত ৩ জনৰ মৃত্যু । উদ্ধাৰ অভিযান অব্যাহত ।

Rudraprayag landslide
ৰুদ্ৰপ্ৰয়াগত ভয়ংকৰ ভূমিস্খলন

নেশ্যনেল ডেস্ক,৫ আগষ্ট :উত্তৰাখণ্ডত প্ৰকৃতিয়ে কালৰূপ ধাৰণ কৰিছে । ধাৰাসাৰ বৰষুণ আৰু ভূমিস্খলনে স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত কৰি তুলিছে । ইফালে পৰ্যটকে ভিৰ কৰি থকা ৰুদ্ৰপ্ৰয়াগ, গৌৰীকুণ্ড আদিত অভাৱণীয় পৰিৱেশে বিৰাজ কৰিছে । ইয়াৰ মাজতে ৰুদ্ৰপ্ৰয়াগ জিলাত ভয়ংকৰ ভূমিস্খলনৰ ঘটনা । ভূমিস্খলনত ৩ জন লোকৰ মৃত্যু হোৱাৰ লগতে প্ৰায় ১৭ গৰাকী লোক সন্ধানহীন হোৱাৰ খবৰ পোৱা গৈছে । জিলা প্ৰশাসনৰ জনোৱা মতে ৰুদ্ৰপ্ৰয়াগৰ গৌৰীকুণ্ডত কেদাৰনাথৰ পৰা ১৬ কিলোমিটাৰ দূৰত এই ভূমিস্খলন হৈছে । যাৰ ফলত কেদাৰনাথ যাত্ৰা ব্যাহত হৈ পৰিছে । বহু স্থানত পৰ্যটকসকল আৱদ্ধ হৈ আছে ।

বিষয়াসকলে জনোৱা মতে পাহাৰৰ পৰা নামি অহা ধ্বংসাৱশেষ ৰাস্তাৰ কাষৰ দুখন বিপনীত পৰে । সেই সময়ত বিপনীকেইখনত ৪ গৰাকী স্থানীয় লোক আৰু নেপালী সম্প্ৰদায়ৰ ১৬ গৰাকী লোক উপস্থিত আছিল । এছডিআৰএফয়ে ঘটনাস্থলীত উপস্থিত হৈ অভিযান চলাই আছে ।

ইয়াৰ পূৰ্বে উত্তৰাখণ্ডৰ উত্তৰকাশীৰ লিছা ডিপোৰ বন বিভাগৰ কাৰ্যালয়ৰ সমীপত ভূমিস্খলনৰ ফলত গঙ্গোত্ৰী ৰাষ্ট্ৰীয় ঘাইপথৰ এটা অংশ খহি পৰে । যাৰ ফলত যান-বাহনৰ চলাচল ব্যাহত হৈ পৰে ।

বিষয়াসকলৰ মতে, প্ৰায় ৬০ মিটাৰ অংশ গুহাত সোমাইছে । যিটো অঞ্চল গুৰুত্বপূৰ্ণ এয়াৰষ্ট্ৰিপৰ ওচৰতে আছে । বিষয়াসকলে কোৱা মতে ওচৰতে থকা তেহৰি বান্ধ ভূমিস্খলনৰ প্ৰভাৱত পৰিছে । শুকুৰবাৰে ভাটৱাড়ীৰ পৰা ৫০০ মিটাৰ পৰ্যন্ত ধ্বংসাৱশেষ পৰি আছিল । যাৰ বাবে পুৱাৰ পৰা ঘাইপথটো যান-বাহনৰ বাবে বন্ধ কৰি দিয়া হৈছে ।

উত্তৰকাশীৰ জিলা প্ৰশাসনৰ মতে ফলস্বৰূপে গঙ্গোত্ৰী ধাম যাত্ৰাৰ ভক্তসকলৰ বাবে সন্মুখত তীব্ৰ প্ৰত্যাহ্বান আহিছে । এতিয়ালৈকে উত্তৰাখণ্ডত এই বাৰিষাৰ সময়ত ৩১ গৰাকী লোকৰ মৃত্যু হৈছে, ৩০ৰো অধিক লোক আহত হৈছে আৰু ১,১৭৬ টা ঘৰ ক্ষতিগ্ৰস্ত হৈছে ।

ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ পৰা প্ৰাপ্ত তথ্য অনুসৰি, ডাৱৰ বিস্ফোৰণ আৰু ভূমিস্খলনৰ ফলত সৰ্বাধিক প্ৰাণহানি আৰু ঘৰৰ ক্ষতি হৈছে । বিষয়াসকলে কোৱা মতে এই বছৰৰ ১৫ জুনৰ পৰা ৰাজ্যখনত ভূমিস্খলনৰ ফলত ১০ জন লোকৰ মৃত্যু আৰু ৫ জন আঘাতপ্ৰাপ্ত হোৱাৰ খবৰ পোৱা গৈছে । আনহাতে ডাৱৰ বিস্ফোৰণ বা ধাৰাসাৰ বৰষুণৰ ফলত ১৯ জন লোকৰ মৃত্যু আৰু ২১ জন আঘাতপ্ৰাপ্ত হৈছে । বজ্ৰপাতৰ ফলত ২ জন লোকৰ মৃত্যু আৰু ৫ জন আঘাত প্ৰাপ্ত হৈছে । ডাৱৰ বিস্ফোৰণৰ ফলত প্ৰায় ৩২ টা ঘৰ সম্পূৰ্ণৰূপে ধ্বংস হৈছে ।

লগতে পঢ়ক :Uttarakhand Rudraprayag news: উত্তৰাখণ্ডত শিল খহি জীৱন্তে সমাধিস্থ 20 গৰাকী লোক; তিনিজনৰ মৃতদেহ উদ্ধাৰ

ABOUT THE AUTHOR

...view details