অসম

assam

ETV Bharat / bharat

Uttarkashi Tunnel Landslide : উত্তৰকাশীৰ যমুনোত্ৰী ঘাইপথৰ নিৰ্মীয়মান সুৰংগত ভূমিস্খলন; অসমৰ শ্ৰমিকো আবদ্ধ - 36 জন শ্ৰমিক আৱদ্ধ

উত্তৰাখণ্ডৰ উত্তৰকাশীত ভয়ংকৰ দুৰ্ঘটনা । যমুনোত্ৰী ৰাষ্ট্ৰীয় ঘাইপথৰ চিল্কিয়াৰাৰ পৰা দাণ্ডল গাঁৱলৈ নিৰ্মীয়মান সুৰংগৰ ভিতৰত ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে ৷ এই ভূমিস্খলনৰ ফলত সুৰংগত শ্ৰমিকসকল আৱদ্ধ হৈ পৰে ৷

Etv BharatUttarkashi Tunnel Landslide
Etv Bharat উত্তৰকাশীৰ যমুনোত্ৰী ঘাইপথৰ নিৰ্মাণাধীন সুৰংগৰ ভিতৰত ভূমিস্খলন

By ETV Bharat Assamese Team

Published : Nov 12, 2023, 7:16 PM IST

Updated : Nov 12, 2023, 10:00 PM IST

উত্তৰাখণ্ড, 12 নৱেম্বৰ : দীপাৱলীৰ মাজতে উত্তৰাখণ্ডত ভয়ংকৰ ঘটনা ৷ উত্তৰকাশীৰ যমুনোত্ৰী ৰাষ্ট্ৰীয় ঘাইপথৰ চিল্কিয়াৰাৰ পৰা দাণ্ডল গাঁৱলৈ এটা নিৰ্মীয়মান সুৰংগৰ ভিতৰত ভূমিস্খলনৰ ঘটনা সংঘটিত হয় । এই ঘটনাত 36 গৰাকীতকৈও অধিক শ্ৰমিক সুৰংগৰ ভিতৰত আৱদ্ধ হৈ আছে । ইতিমধ্যে ঘটনাস্থলীত এছডিআৰএফৰ লগতে স্থানীয় আৰক্ষী উপস্থিত হৈ ধ্বংসাৱশেষ আঁতৰাই আৱদ্ধ শ্ৰমিকসকলক উদ্ধাৰ কৰিবলৈ অভিযান অব্যাহত ৰাখিছে ৷ ইয়াৰ ভিতৰত আছে কোকৰাঝাৰৰ ৰামফলবিলৰ দুগৰাকী শ্ৰমিক ৷ তেওঁলোক দুজন হৈছে সঞ্জয় আৰু ৰামপ্ৰসাদ ৷

ইতিমধ্যে ঘটনাস্থলীত পাঁচখন 108 এম্বুলেন্স মোতায়েন কৰা হৈছে । একে সময়তে, আৰক্ষী-প্ৰশাসনৰ দল ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ নিৰীক্ষণ কৰি আছে ৷ ইয়াৰ সমান্তৰালকে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে প্ৰতি মুহূৰ্তত ঘটনাৰ তথ্য সংগ্ৰহ কৰি আছে ।

পুষ্কৰ সিং ধামীয়ে উল্লেখ কৰে যে, তেওঁ কৰ্তৃপক্ষৰ সৈতে অহৰহভাৱে যোগাযোগত কৰি আছে। মুখ্যমন্ত্ৰীয়ে সকলোকে সুৰক্ষিতভাৱে উদ্ধাৰ কৰিবলৈ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰে ৷

প্ৰতিষ্ঠানটোৰ তথ্য অনুসৰি, সুৰংগটোৰ ভিতৰত 36 জন শ্ৰমিক আৱদ্ধ হৈ আছে । ঘটনাটো পুৱা প্ৰায় 6 বজাৰ পৰা পুৱা 7 বজালৈ সংঘটিত হৈছে ৷ উদ্ধাৰ অভিযান পূৰ্ণগতিত চলি আছে ৷ অচিৰেই সকলো শ্ৰমিকক সুৰক্ষিতভাৱে উদ্ধাৰ কৰা হ'ব। ইতিমধ্যে সুৰংগটোৰ ভিতৰত অক্সিজেন পাইপ প্ৰদান কৰা হৈছে ৷ এই ঘটনাত এতিয়ালৈকে কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা হোৱা নাই ৷

জিলা দুৰ্যোগ ব্যৱস্থাপনা বিষয়া দেৱেন্দ্ৰ পাটৱালে কয় যে আজি পুৱা প্ৰায় 8.45 বজাত এন এইছ ডি চি এলৰ প্ৰাক্তন মেনেজাৰ কৰ্ণেল দীপক পাটিলক ঘটনাটোৰ বিষয়ে অৱগত কৰা হয় ৷ চিলকিয়াৰৰ পৰা প্ৰায় 2340 মিটাৰ দূৰত নিৰ্মাণ কৰা ব্ৰহ্মখাল-পোলগাঁৱত নিৰ্মীয়মান পথৰ সুৰংগত ভূমিস্খলনৰ ঘটনা সংঘটিত হয় ৷ এই তথ্য পোৱাৰ লগে লগে আৰক্ষীৰ দল এন ডি আৰ এফ, এছ ডি আৰ এফে ঘটনাস্থলীত উপস্থিত হয় সাহায্য আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰে । ঘটনাস্থলীত ধ্বংসাৱশেষ আঁতৰোৱাৰ বাবে বিশেষ যন্ত্ৰ ব্যৱহাৰ কৰা হৈছে ৷

লগতে পঢ়ক:Two youths died: বিশ্বকাপ চাই থকাৰ সময়তে তীব্ৰবেগী ৰে’লে খুন্দিয়ালে দুই যুৱকক

Last Updated : Nov 12, 2023, 10:00 PM IST

ABOUT THE AUTHOR

...view details