নিউজ ডেস্ক, 16 অক্টোবৰ:আজৱ দেশৰ গজৱ কাণ্ড (Land in thename of monkeys)৷ বান্দৰৰ নামত 32 একৰ ভূমি দান কৰিলে গাওঁবাসীয়ে (32 acre land to monkeys)৷ আধুনিকতাৰ ধামখুমীয়াত পৌৰাণিক ৰীতি নীতি বৰ্তাই ৰাখিবলৈ মহাৰাষ্ট্ৰৰ ওচমানাবাদৰ উপলা গাঁৱত বান্দৰৰ নামত এই অভিনৱ পদক্ষেপ গ্ৰহণ কৰা হয় ৷
বৰ্তমানৰ সমাজত ভূমি বিবাদৰ ফলত বিভিন্ন হিংসাত্মক কাৰ্যকলাপ সংঘটিত হৈ থকাৰ সময়তে গাঁবাসীৰ এই মহানুভৱতাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ৷ প্ৰবাদ অনুসৰি উপলা গাঁৱত বান্দৰবোৰক বিশেষ সন্মানেৰে সন্মানিত কৰা হয় ৷ কোনো লোকে মংগল কাৰ্য সাধন কৰাৰ পূৰ্বে বান্দৰক সন্মান জনালে কাৰ্যটো সফলভাৱে ৰূপায়ন হয় বুলি বিশ্বাস কৰে গাঁওবাসীয়ে ৷ আনকি কোনো লোকে বিয়াৰ পূৰ্বেও বান্দৰক সন্মান আগবঢ়াইহে মাংগলিক ৰীতি-নীতিসমূহ সম্পন্ন কৰে ৷ উপলা গ্ৰাম পঞ্চায়তৰ ভূমি ৰেকৰ্ড অনুসৰি, গাওঁখনত বাস কৰা সকলো বান্দৰৰ নামত 32 একৰ ভূমি আছে ।
সম্প্ৰতি গাঁওখনত একালত গাঁওবাসীয়ে বান্দৰৰ নামত মুঠ 32 একৰ ভূমি পঞ্জীয়ন কৰি থোৱা ঘটনা পোহৰলৈ অহাৰ পিছতে একাংশ লোক হতবাক হৈছে ৷ ভূমিৰ দস্তাবেজখনত স্পষ্টকৈ উল্লেখ আছিল যে এই ভূমিখিনি বান্দৰৰ নামত পঞ্জীয়ন কৰা আছে ৷ যদিও আন কোনো জীৱ-জন্তুৰ নাম এই তালিকাত উল্লেখ নাই ৷