নেশ্যনেল ডেস্ক,১৩ ছেপ্টেম্বৰ :কাৰাগাৰৰ পৰা মুকলি হৈ অহাৰ পাছত এইবাৰ বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা ৰাষ্ট্ৰীয় জনতা দলৰ সভাপতি লালু প্ৰসাদ যাদৱৰ বিশেষ আবেদন । লালু প্ৰসাদ যাদৱে নিজৰ পাছপোৰ্টখন মুকলি কৰি দিবলৈ ৰাঁচীস্থিত চিবিআই আদালতত আবেদন জনাইছে (Lalu Yadav field petition in CBI court)। বৃক্ক সংৰোপণৰ বাবে ছিংগাপুৰলৈ যাব লাগিব লালু প্ৰসাদ যাদৱ (Lalu Yadav to leave for Singapore for treatment)। যাৰ বাবে তেওঁক পাছপোৰ্টৰ প্ৰয়োজন ।
লালু প্ৰসাদ যাদৱৰ অধিবক্তা প্ৰভাত কুমাৰে জনোৱা মতে চিবিআইয়ে এই আবেদন গ্ৰহণ কৰিব (Lalu seeks passport from CBI)। সূত্ৰৰ মতে, অহা ২৪ ছেপ্টেম্বৰত ছিংগাপুৰত লালু প্ৰসাদ যাদৱৰ বৃক্ক সংৰোপণ কৰা হ'ব । যাৰ বাবে তেওঁ ২০ ছেপ্টেম্বৰত ছিংগাপুৰলৈ ৰাওনা হ'ব ।