নেশ্যনেল ডেস্ক, 23 জুন:কংগ্ৰেছৰ যুৱৰাজ হিচাবে পৰিচিত ৰাহুল গান্ধীক বিয়া কৰোৱাৰ আহ্বান ৰাষ্ট্ৰীয় জনতা দলৰ ৰাষ্ট্ৰীয় অধ্যক্ষ লালু প্ৰসাদ যাদৱ ৷ লালু প্ৰসাদ যাদৱে শুকুৰবাৰে ৰাহুল গান্ধীক কয়, ‘‘আপোনাক বিয়া কৰাবলৈ কওঁতে আপুনি আমাৰ পৰামৰ্শৰ প্ৰতি মনোযোগ দিয়া নাছিল ৷ আপুনি বিয়া কৰাব লাগিছিল ৷ সময় এতিয়াও পাৰ হোৱা নাই ৷ আপুনি বিয়া কৰাওক আৰু আমি বৰযাত্ৰী হিচাপে অংশ গ্ৰহণ কৰিম ৷’’
পাটনাত বিৰোধীৰ উমৈহতীয়া বৈঠকৰ পাচত আয়োজন কৰা এক সংবাদমেলৰ অন্তত ৰাহুল গান্ধীক উদ্দেশ্যি এই মন্তব্য কৰে লালু প্ৰসাদ যাদৱে ৷ তেওঁ লগতে কয়, ‘‘আজি বৈঠকলৈ ৰাহুল গান্ধী আহিছে ৷ তেওঁ ভাল কাম কৰি আছে ৷ তেওঁ খোজ কাঢ়ি দেশবাসীক ভাৰত দৰ্শন কৰালে ৷ লোকসভাতো তেওঁ আদানিৰ প্ৰসংগত ভাল স্থিতি লৈছে, ভাল প্ৰদৰ্শন কৰিছে ৷’’ৰাহুল গান্ধীৰ দীঘল দাড়িৰ কথাও উল্লেখ কৰে লালু প্ৰসাদ যাদৱে ৷
উল্লেখ্য যে বিভিন্ন বিতৰ্কৰ পাচতো এতিয়াও ৰাইজৰ মাজত যথেষ্ট জনপ্ৰিয় লালু প্ৰসাদ যাদৱ ৷ ইয়াৰ মূলতে হ’ল তেওঁৰ নিজস্ব কথন শৈলী ৷ এই কথন শৈলীৰ বাবে 75 বছৰীয়া ৰাজনীতিকগৰাকী সকলোৰে মাজত জনপ্ৰিয় ৷