অসম

assam

ETV Bharat / bharat

চিকিৎসাৰ বাবে দিল্লীৰ AIIMSতে থাকিব লাগিব লালু প্ৰসাদ যাদৱ - লালু প্ৰসাদ যাদৱ

বৃহস্পতিবাৰে কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ আহিল আৰ জে ডি প্ৰধান লালু প্ৰসাদ যাদৱ । ৰাঁচীত থকা চি বি আইৰ বিশেষ আদালতত জামিনৰ আনুষ্ঠানিকতা সম্পূৰ্ণ হোৱাৰ পিছতে তেওঁক মুকলি কৰি দিয়া হয় । কিন্তু চিকিৎসাৰ বাবে তেওঁ দিল্লীস্থিত AIIMSতে আৰু কেইদিনমান থাকিব লাগিব । আনহাতে, আদালতৰ অনুমতি অবিহনে দেশ এৰি নাযাবলৈ লালু প্ৰসাদ যাদৱক সকিয়াই দিছে ঝাৰখণ্ড উচ্চ ন্যায়ালয়ে ।

Lalu Prasad Yadav will stay in AIIMS for his treatment
কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ আহিল লালু প্ৰসাদ যাদৱ

By

Published : Apr 30, 2021, 3:49 PM IST

নেশ্যনেল ডেস্ক, ৩০ এপ্ৰিল: ডুমকা কোষাগাৰৰ পৰা অবৈধভাৱে ধন উলিওৱা গোচৰৰে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা আৰ জে ডি প্ৰধান লালু প্ৰসাদ যাদৱে বৃহস্পতিবাৰে সন্ধিয়া কাৰাগাৰৰ পৰা মুক্তি লাভ কৰে । ৰাঁচীত থকা চি বি আইৰ বিশেষ আদালতত জামিনৰ আনুষ্ঠানিকতা সম্পূৰ্ণ হোৱাৰ পিছতে বৃহস্পতিবাৰে সন্ধিয়া তেওঁক মুকলি কৰি দিয়া হয় । লালু প্ৰসাদ যাদৱৰ অধিবক্তাই চি বি আইৰ বিশেষ আদালতত দুটা নিশ্চয়তাৰ প্ৰতিটোৰে বাবদ এক লাখ টকাকৈ জমা দিয়ে ।

ইয়াৰ পিছতে ন্যায়াধীশ এম কে মিশ্ৰই আৰ জে ডি প্ৰধান লালু প্ৰসাদ যাদৱৰ মুক্তিৰ নিৰ্দেশ জাৰি কৰে । অৱশ্যে লালু প্ৰসাদে কাৰাগাৰৰ পৰা মুক্ত হ'লেও দিল্লীস্থিত AIIMSতে আৰু কেইদিনমান থাকিব লাগিব । কিয়নো তেওঁ স্বাস্থ্যৰ অৱস্থা বৰ্তমানেও সম্পূৰ্ণ সুস্থিৰ হোৱা নাই । আনহাতে, কাৰাগাৰ বিভাগৰ মহা পৰিদৰ্শক বীৰেন্দ্ৰ ভূষণে সংবাদ মাধ্যমৰ আগত কয় যে, ৰাঁচীৰ চি বি আই আদালতত জামিনৰ চৰ্তাৱলী পূৰণ কৰাৰ পিছত মুক্তিৰ আদেশ বিৰছা মুণ্ডা কাৰাগাৰলৈ প্ৰেৰণ কৰা হয় আৰু কাৰাগাৰ কৰ্তৃপক্ষই ই-মেইলযোগে এই আদেশ AIIMS কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰে ।

আৰ জে ডি নেতাজন ন্যায়িক জিম্মাত আছিল আৰু AIIMSত চিকিৎসাধীন হৈ আছিল । লালু প্ৰসাদ যাদৱৰ পৰিয়ালে তেওঁ সম্পূৰ্ণ সুস্থ হৈ উঠালৈকে আৰু কিছুদিন চিকিৎসালয়তে থকাতো বিচাৰিছে । ঝাৰখণ্ড উচ্চ ন্যায়ালয়ে যোৱা ১৭ এপ্ৰিলত ডুমকা কোষাগাৰ সম্পৰ্কীয় অন্তিমটো গোচৰত লালু প্ৰসাদক জামিন দিছিল । প্ৰথমে, লালু প্ৰসাদৰ অধিবক্তাসকলে যোৱা ১৯ এপ্ৰিলত জামিনৰ চৰ্তাৱলী পূৰণ কৰিব বিচাৰিছিল ।

কিন্তু মহামাৰীৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত ঝাৰখণ্ড বাৰ কাউন্সিলে আদালতত অধিবক্তাৰ উপস্থিতিত বাধা আৰোপ কৰিছিল । কিয়নো, মহামাৰীত ন্যায়ালয়ৰ কৰ্মচাৰী, ন্য়ায়ধীশ আদি আক্ৰান্ত হৈছিল । এই নিষেধাজ্ঞা এক সপ্তাহৰ বাবে জাৰি কৰা হৈছিল । কিন্তু পৰৱৰ্তী সময়ত, এই নিষেধাজ্ঞা ২ মে'লৈ বৃদ্ধি কৰা হয় । অৱশেষত বাৰ কাউঞ্চিল অফ ইণ্ডিয়াই অধিবক্তাসকলক জামিনৰ চৰ্তাৱলী পূৰণৰ অনুমতি দিয়ে ।

যদি এই সকলো প্ৰক্ৰিয়া সময়মতে সম্পন্ন হ'লহেতেন, তেন্তে লালু প্ৰসাদে ৩৯ মাহ ২৫ দিন কাৰাবাস খাটি মুক্তি লাভ কৰিব পাৰিলেহেতেন । ইফালে, বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ জামিন মঞ্জুৰ কৰাৰ সময়ত ন্যায়াধীশ অপাৰেশ কুমাৰ সিঙে লালুক পাছপ'ৰ্ট দাখিল কৰিবলৈ আৰু আদালতৰ অনুমতি অবিহনে দেশ এৰি নাযাবলৈ নিৰ্দেশ দিয়ে । আনকি জামিনৰ সময়ছোৱাত তেওঁৰ ঠিকনা আৰু মোবাইল নম্বৰ সলনি নকৰিবলৈও নিৰ্দেশ দিয়ে আদালতে ।

এজনীয়া বিচাৰপীঠে তেওঁক দুটা গোচৰত ৫ লাখ টকাৰ জৰিমনা জমা দিবলৈ নিৰ্দেশ দিছিল আৰু আন এটা দুৰ্নীতিৰ গোচৰৰ বাবে দুটা নিশ্চয়তাৰ প্ৰতিটোৰ বাবদ এক লাখ টকাকৈ জমা দিবলৈ নিৰ্দেশ দিছিল । উল্লেখ্য যে, ডুমকা কোষাগাৰৰ পৰা অবৈধভাৱে ধন উলিওৱা গোচৰত ২০১৮ চনৰ ২৪ মাৰ্চত লালু প্ৰসাদক গ্ৰেপ্তাৰ কৰাৰ পিছত ১৪ বছৰৰ কাৰাদণ্ড বিহাৰ কৰাৰ সময়ত, ৰাঁচীৰ এখন বিশেষ চিবিআই আদালতে ৬০ লাখ টকা, ৩০ লাখ টকা জৰিমনা বিহিছিল ।

১৯৯০ চনৰ আৰম্ভণিতে ডুমকা কোষাগাৰৰ পৰা ৩.১৩ কোটি টকা অবৈধভাৱে উলিওৱাৰ অভিযোগ উত্থাপিত হৈছিল লালু প্ৰসাদৰ বিৰুদ্ধে । লালুৱে দেওগড়, চাইবাছা আৰু ৰাঁচীৰ দোৰাণ্ডা কোষাগাৰ এই তিনিটা পশু খাদ্য কেলেংকাৰীৰ গোচৰত জামিন লাভ কৰিছিল আৰু ডুমকা গোচৰৰ বিচাৰৰ বাবে অপেক্ষা কৰি আছিল । ইফালে, ৭৩ বছৰীয়া আৰ জে ডি নেতাজনৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ পিছত যোৱা ২৪ জানুৱাৰীত নতুন দিল্লীৰ AIIMSলৈ বিমানেৰে লৈ যোৱা হৈছিল ।

লালু প্ৰসাদ যাদৱে মুখ্যমন্ত্ৰী হৈ থাকোতে বিহাৰৰ পশুপালন বিভাগত ৯৫০ কোটি টকাৰ পশুখাদ্য কেলেংকাৰী সংঘটিত হৈছিল । ২০১৭ চনৰ ২৩ ডিচেম্বৰত দেওগড় কোষাগাৰৰ পৰা ৮৯ লাখ টকা উলিওৱাৰ গোচৰত শাস্তি বিহাৰ পিছৰে পৰা লালু প্ৰসাদ ৰাঁচীৰ কাৰাগাৰত কাৰাবন্দী হৈ আছে ।

লালু প্ৰসাদ যাদৱৰ পুত্ৰ তথা আৰ জে ডি নেতা তেজস্বী যাদৱে কয় যে, তেওঁৰ পিতৃয়ে জামিন লাভ কৰিছে যদিও স্বাস্থ্যৰ অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি আৰু কিছু দিনৰ বাবে AIIMSতে ৰাখিব লালু প্ৰসাদ যাদৱক ।সম্পূৰ্ণ আৰোগ্য হোৱাৰ পিছতহে চিকিৎসকৰ পৰামৰ্শ অনুসৰি তেওঁক পাটনাৰ বাসগৃহলৈ নিয়াৰ ব্যৱস্থা কৰা হ'ব ।

লগতে পঢ়ক:ক'ভিড-১৯: ভাৰত পালেহি আমেৰিকাৰ পৰা প্ৰেৰণ কৰা চিকিৎসা সামগ্ৰী

ABOUT THE AUTHOR

...view details