নেশ্যনেল ডেস্ক,১৭ এপ্ৰিল:দীৰ্ঘদিন ধৰি কাৰাগাৰত বন্দী হৈ থকা বিহাৰৰ প্ৰাক্তন মুখ্য়মন্ত্ৰী লালু প্ৰসাদ যাদৱৰ জামিন মঞ্জুৰ কৰে ঝাৰখণ্ড উচ্চ ন্যায়ালয়ে । অৱশ্যে জামিন মঞ্জুৰ কৰিলেও আৰোগ্য নোহোৱালৈ দিল্লীৰ এইমছতে থাকিব প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী ।
পুত্ৰ তেজস্বী যাদৱে পাটনাৰ কৰ'ণা সংকট সন্দৰ্ভত এক সৰ্বদলীয় বৈঠকৰ পিছতে ঘোষণা কৰা মতে লালু প্ৰসাদ বৃক্কৰ গুৰুতৰ সংক্ৰমণত ভোগী আছে । উশাহ-নিশাহৰ সমস্যাও দেখা দিছে যাৰ বাবে বিশেষজ্ঞচিকিৎসকৰ নিৰীক্ষণত থাকিব প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী । ইফালে ঝাৰখণ্ড উচ্চ ন্যায়ালয়ক ধন্যবাদ জ্ঞাপন কৰে পুত্ৰ তেজস্বী যাদৱে লগতে কয় যে দেশৰ ন্যায়পালিকাৰ ওপৰত তেওঁৰ সম্পূৰ্ণ বিশ্বাস আছে ।