নেশ্যনেল ডেস্ক,৩১ আগষ্ট :মুম্বাইত অনুষ্ঠিত হৈছে বিৰোধী মিত্ৰজোঁট 'INDIA'ৰ গুৰুত্বপূৰ্ণ বৈঠক । এই বৈঠকত বিৰোধী দলসমূহৰ মুখ্যমন্ত্ৰীকে ধৰি জ্যেষ্ঠ নেতাসকল উপস্থিত হৈছে । বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা আৰজেডিৰ মুৰব্বী লালু প্ৰসাদ যাদৱ আৰু বিহাৰৰ উপ মুখ্যমন্ত্ৰী তেজস্বী যাদৱো বৈঠকৰ বাবে মুম্বাইত উপস্থিত হৈছে । বৈঠকলৈ যোৱাৰ পূৰ্বে তেওঁ বিখ্যাত সিদ্ধি বিনায়কৰ মন্দিৰত উপস্থিত হয় আৰু ভগৱানৰ আশীষ লয় । লালু প্ৰসাদৰ সৈতে কন্যা মিছা ভাৰতীও সিদ্ধি বিনায়ক মন্দিৰত উপস্থিত থাকে ।
সংবাদমাধ্যমৰ সন্মুখত লালু প্ৰসাদ যাদৱে বিৰোধীৰ প্ৰধানমন্ত্ৰীৰ প্ৰাৰ্থী সম্পৰ্কে গুৰুত্বপূৰ্ণ মন্তব্য কৰে । তেওঁৰ মতে বিৰোধী মিত্ৰজোঁটৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী যিয়েই নহওঁক বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীতকৈ জনসাধাৰণৰ প্ৰতি শ্ৰেষ্ঠ, সত্যবাদী, সৎ আৰু অনুগত হ'ব । গোদী মিডিয়া আৰু বিজেপিৰ লোকসকলে চিন্তা কৰিব নালাগে বুলিও তেওঁ উল্লেখ কৰে ।