নেশ্যনেল ডেস্ক, 22 আগষ্ট:সোমবাৰে ৰাষ্ট্ৰীয় জনতা দলৰ সভাপতি লালু প্ৰসাদ যাদবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বাধীনতা দিৱসৰ দিনা প্ৰদান কৰা ভাষণক কঠোৰ ভাষাৰে সমালোচনা কৰে । জ্যেষ্ঠ ৰাজনীতিবিদগৰাকীয়ে কয়, "আমি এনেকুৱা প্ৰধানমন্ত্ৰীক আগতে কেতিয়াও দেখা নাই যিয়ে জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত হোৱাৰ পূৰ্বে এনেকুৱা কথা কয় । ইয়াৰ পৰা বুজা যায় যে তেওঁ হতাশ হৈ পৰিছে ।"
"18 টা দল একত্ৰিত হৈ পাটনা আৰু বেংগালুৰুত দুটা পৰ্যায়ৰ সফল বৈঠকত মিলিত হৈছোঁ । চলিত মাহৰ শেষৰ ফালে মুম্বাইত তৃতীয়বাৰৰ বাবে হ’বলগীয়া বৈঠকৰ বাবে আমি আগ্ৰহেৰে বাট চাই আছোঁ । বিজেপিক পৰাস্ত কৰি দেশৰ গণতন্ত্ৰ ৰক্ষাৰ প্ৰচেষ্টাত আমি সকলোৱে একত্ৰিত হৈছোঁ । ইয়াৰ বাবে যি সিদ্ধান্ত গ্ৰহণৰ প্ৰয়োজন হ’ব, সেয়া উপযুক্ত সময়ত লোৱা হ’ব ৷" লালু যাদৱে কয় ।
যোৱা বছৰ জটিল এক অস্ত্ৰোপচাৰ সম্পন্ন হোৱাৰ পিছত তেওঁ পৰিয়ালৰ লগতে নেদেখাজনলৈ কৃতজ্ঞতা জনায় ৷ 70 ৰাজনীবিদগৰাকীক কন্যা ৰোহিনী আচাৰ্যই তেওঁৰ এটা বৃক্ক দান কৰে ।