অসম

assam

ETV Bharat / bharat

দ্বাদশবাৰলৈ বিনা প্ৰতিদ্বন্দিতাৰে আৰজেডিৰ সভাপতি নিৰ্বাচিত লালু প্ৰসাদ যাদৱ - বিনা প্ৰতিদ্বন্দিতাৰে আৰজেডিৰ সভাপতি নিৰ্বাচিত

বিনা প্ৰতিদ্বন্দিতাৰে আৰজেডিৰ সভাপতি হিচাপে নিৰ্বাচিত লালু প্ৰসাদ যাদৱ ৷ ১০ অক্টোবৰত নতুন দিল্লীৰ আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ'ব ফলাফল ৷ লালু প্ৰসাদ পুনৰবাৰ দলৰ সভাপতি নিৰ্বাচিত হোৱাত আনন্দ বন্যা (Lalu Prasad elected RJD president) ৷

Lalu Prasad elected RJD president unopposed for 12th time
আৰজেডিৰ সভাপতি নিৰ্বাচিত লালু প্ৰসাদ যাদৱ

By

Published : Sep 28, 2022, 10:36 PM IST

নিউজ ডেস্ক, ২৮ ছেপ্টেম্বৰ :ৰাষ্ট্ৰীয় জনতা দল চমুকৈ আৰজেডিৰ সভাপতি হিচাপে পুনৰবাৰ বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হৈছে লালু প্ৰসাদ যাদৱ(Lalu Prasad elected RJD president) ৷ আৰজেডি নেতাগৰাকীয়ে মনোনয়ন পত্ৰৰ মুঠ পাঁচটা প্ৰতিলিপি প্ৰেৰণ কৰিছিল আৰু মনোনয়ন পত্ৰৰ পৰীক্ষণৰ পাচত তেওঁৰ পাঁচোটা ছেটক বৈধ বুলি ঘোষণা কৰা হয় ।

মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ ম্যাদ শেষ হোৱাৰ পাছতেই আৰজেডিৰ সহকাৰী ৰাষ্ট্ৰীয় মুখ্য নিৰ্বাচনী বিষয়া চিত্ৰঞ্জন গগনে(RJD's Assistant National Chief Electoral Officer) আৰ জে ডিৰ ৰাষ্ট্ৰীয় সভাপতি পদৰ প্ৰাৰ্থী লালু প্ৰসাদ বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হৈছে বুলি ঘোষণা কৰে ৷

১০ অক্টোবৰত নতুন দিল্লীৰ তালকাটোৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় পৰিষদৰ এখন বৈঠকত আনুষ্ঠানিকভাৱে এই ঘোষণা কৰা হ'ব আৰু তাৰ পিছত লালুক অধ্যক্ষৰ প্ৰমাণপত্ৰ প্ৰদান কৰা হ'ব । অনুষ্ঠানত বিভিন্ন ৰাজ্যৰ ৰাজ্যিক সভাপতি আৰু ৰাষ্ট্ৰীয় পৰিষদৰ সদস্যসকলৰ সৈতে বৃহৎ সংখ্যক আৰজেডি কৰ্মী উপস্থিত থাকিব ।

উল্লেখ্য যে, লালু প্ৰসাদ যাদৱৰ নাম অধ্যক্ষ পদৰ বাবে উত্থাপন কৰা নেতাসকলৰ ভিতৰত আছে বিহাৰৰ উপ মুখ্যমন্ত্ৰী তেজস্বী প্ৰসাদ যাদৱ, বিহাৰ বিধান পৰিষদৰ উপাধ্যক্ষ ৰামচন্দ্ৰ পূৰ্বী, ৰাজ্যিক আৰজেডিৰ সভাপতি জগদানন্দ সিং, ৰাষ্ট্ৰীয় প্ৰধান সাধাৰণ সম্পাদক আব্দুল বাৰী চিদ্দিকী আৰু ৰাজ্যসভাৰ সাংসদ মিষা ভাৰতী ।

লগতে পঢ়ক:দেশৰ পৰৱৰ্তী প্ৰতিৰক্ষা মুৰব্বী লেফটেনেণ্ট জেনেৰেল অনিল চৌহান

For All Latest Updates

ABOUT THE AUTHOR

...view details