নেশ্যনেল ডেস্ক,৩০ মাৰ্চ :কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে এইবাৰ সৰৱ পলাতক ব্যৱসায়ী ললিত মোডী । পলাতক ব্যৱসায়ীগৰাকীয়ে টুইট কৰি ৰাহুল গান্ধীক প্ৰত্যাহ্বান জনালে (Lalit Modi challenges Rahul Gandhi)। আই পি এলৰ প্ৰতিষ্ঠাপক তথা প্ৰাক্তন অধ্যক্ষ ললিত মোডীয়ে বৃহস্পতিবাৰে কেইবাটাও এচাৰ্বিক টুইটত ৰাহুল গান্ধীক তীব্ৰ সমালোচনা কৰে । ললিত মোডীৰ মতে ৰাহুল গান্ধীয়ে তেওঁক ন্যায় ব্যৱস্থাৰ পৰা পলায়ন কৰা বুলি অভিযোগ কৰাৰ বাবে ৰাহুল গান্ধী ব্ৰিটেইনৰ আদালতৰ দ্বাৰস্থ হ'ব লাগিব ।
কেইবাটাও টুইটত ললিত মোডীয়ে লিখিছে যে বিৰোধী নেতাসকল হয় অজ্ঞাত বা কেৱল প্ৰতিশোধৰ বাবে এনে কৰিছে আৰু তেওঁ আদালতত ৰাহুল গান্ধীক সম্পূৰ্ণ মূৰ্খ বুলি উপস্থাপন কৰাৰ বাবে অপেক্ষা কৰি আছে (Lalit Modi slams Rahul Gandhi)।
ললিত মোডীয়ে উল্লেখ কৰা মতে ৰাহুল গান্ধীয়ে তেওঁ ন্যায় ব্যৱস্থাৰ পৰা পলায়ন কৰি থকা বুলি কৈ আছে । ৰাহুল গান্ধীক পাপ্পু আখ্যা দি ললিত মোডীয়ে কয় যে বিৰোধী নেতাৰ একো কৰিবলগীয়া নাই বাবেই এইবোৰ কৰি আছে (Lalit Modi tweets against Rahul Gandhi)। ৰাহুল গান্ধীক ব্ৰিটেইনৰ আদালতৰ মুখামুখি কৰোৱাৰো হুংকাৰ দিয়ে । ললিত মোডী নিশ্চিত যে ৰাহুল গান্ধীয়ে কিছুমান দৃঢ় প্ৰমাণ লৈ আহিব । আনকি ৰাহুল গান্ধীক মূৰ্খ প্ৰমাণ কৰিবলৈও তেওঁ অপেক্ষা কৰি আছে । গান্ধী পৰিয়ালক উদ্দেশ্যি তেওঁ বেগ মেন আখ্যা দিয়ে ।
আন এটা টুইটত তেওঁ জ্যেষ্ঠ কংগ্ৰেছ নেতা কমল নাথক টেগ কৰি লিখিছে (Lalit Modi tag congress leader Kamal Nath)। ললিত মোডীৰ মতে তেওঁ নিজৰ ঠিকনা আৰু ফটো আদি প্ৰেৰণ কৰিব পাৰে । যিসকল প্ৰকৃত দুৰ্বৃত্ত তেওঁলোকক ভাৰতৰ মানুহক মূৰ্খ বনাব দিয়া নহ'ব বুলিও মোডীয়ে টুইটটোত উল্লেখ কৰে । গান্ধী পৰিয়ালক টেগ কৰি ললিত মোডীয়ে লিখিছে যে তেওঁলোকে এইটো দেখুৱাব বিচাৰিছে যে তেওঁলোকে আমাৰ দেশ শাসন কৰাৰ অধিকাৰী । কঠোৰ দায়বদ্ধ আইন পাছ কৰাৰ লগে লগে তেওঁ ঘূৰি আহিব বুলিও কয় ললিত মোডীয়ে ।