নেশ্যনেল ডেস্ক,১২ মে': অৱশেষত মিজোৰামৰ চেৰছিপ সমষ্টিৰ বিধায়ক হিচাপে শপত গ্ৰহণ কৰিলে লালদুহ'মাই । ২৬ নং চেৰছিপ(অনুসূচিত জাতি) বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত নিৰ্বাচিত হৈছিল ।
যোৱা ২ মে'ত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হৈছিল । যোৱা ২৭ নৱেম্বৰত সংবিধানৰ দশম অনুসূচীৰ অধিনিয়ম উলংঘনৰ বাবে মিজোৰাম বিধানসভাৰ অধ্যক্ষ লালৰিনলিয়ানা চাইল'ই জ'ৰাম পিপলছ মুভমেণ্ট তথা বিধায়িনী দলৰ নেতা লালদুহ'মাক অযোগ্য ঘোষণা কৰিছিল ।
চেৰছিপ সমষ্টিৰ বিধায়ক হিচাপে শপত গ্ৰহণ লালদুহ'মাৰ ২০২০ চনৰ ছেপ্তেম্বৰ মাহত, শাসনাধিষ্ঠিত এম এন এফ দলৰ ১২ জন বিধায়কে সংবিধানৰ নীতি উলংঘা কৰাৰ অভিযোগ তুলি লালদুহ'মাক অযোগ্য ঘোষণা কৰাৰ দাবী জনাই অধ্যক্ষৰ ওচৰত এখন আবেদন দাখিল কৰিছিল ।
মঙলবাৰে শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে গৃহমন্ত্ৰী লালচামলিয়ানা, বিদ্যালয় শিক্ষা মন্ত্ৰী লালচান্দামা ৰাল্টেৰ লগতে বিধায়ক ড৹ জেড আৰ থিয়ামছাংগা, জ'ডিণ্টলুৱাংগা ৰাল্টে, কে টি ৰোখাও, লালৰিন্দিকা ৰাল্টে, ড০ বি ডি চাকমা, ভানলালহলানা, ড৹ ভানলালথলানা আৰু লালচুৱানথাংগা ।
লগতে পঢ়ক: তেলেংগানাত 10 দিনৰ বাবে সম্পূৰ্ণ লক ডাউন ঘোষণা