নেশ্যনেল ডেস্ক,৪ ছেপ্টেম্বৰ :এইবাৰ মণিপুৰত দল বাগৰাৰ ৰাজনীতি আৰম্ভ হৈছে । জনতা দল ইউনাইটেডৰ ৫ গৰাকী বিধায়কে যোগ দিলে বিজেপিত (JDU Lost Five MLAS In Manipur)। বিজেপিত যোগ দিয়া বিধায়ক কেইজন হৈছে কে এইচ জয়কিষাণ, এন চানেট, মহম্মদ আছাবুদ্দিন, প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান এ এম খাউত আৰু থাংজাম অৰুণ কুমাৰ । জেডি(ইউ)ৰ বিধায়কে বিজেপিত যোগ দিয়াৰ লগে লগে এতিয়া ৰাজনৈতিক মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।
জেডি(ইউ)ৰ ভিতৰ চ'ৰাতো তীব্ৰ অসন্তুষ্টি দেখিবলৈ পোৱা গৈছে । ইফালে সমগ্ৰ বিষয়টোক লৈ মুখ খুলিছে জেডি(ইউ)ৰ ৰাষ্ট্ৰীয় অধ্যক্ষ লালন সিঙে । তেওঁ অভিযোগ কৰা মতে বিজেপিয়ে ধনৰ বল দেখুৱাইছে ।
বিজেপি আৰু প্ৰধানমন্ত্ৰী মোডীক সমালোচনা কৰি নেতাগৰাকীয়ে কয় যে, শেহতীয়া মণিপুৰৰ নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থীক পৰাস্ত কৰি জেডি(ইউ) দলে ৬ খন আসন লাভ কৰিছিল (Lalan Singh slams PM Modi)। কিন্তু ইয়াৰ পাছতে বিজেপিয়ে ধনৰ বল দেখুৱাইছে । যাৰ বাবে ৬ গৰাকী বিধায়কৰ ৫ গৰাকীয়ে বিজেপিত যোগদান কৰিছে ।
ইয়াৰ পূৰ্বে, অৰুণাচল প্ৰদেশতো জেডি(ইউ)ৰ একমাত্ৰ বিধায়কজনে দল সলনি কৰি বিজেপিত যোগদান কৰিছিল । লালন সিঙে লগতে কয় যে, মণিপুৰ খণ্ডত বিজেপি বিচলিত হৈছে আৰু সেই কাৰণে তেওঁলোকে জেডি(ইউ)ৰ বিধায়কসকলক তেওঁলোকৰ হাতলৈ লৈ গৈছে । কিন্তু ইয়াৰ পৰা বিজেপিয়ে একো কৰিব নোৱাৰে বুলি তেওঁ দাবী কৰে ।