অসম

assam

সোণবৰণীয়া হৈ পৰিল জগন্নাথৰ মূৰ্তি

By

Published : Jul 10, 2022, 10:08 PM IST

দেওবাৰে সোণ বৰণীয়া পোচাকেৰে সজ্জিত হ’ল দ্বাদশ শতিকাৰ শ্ৰী শ্ৰী জগন্নাথ মন্দিৰ (12th century Sri Jagannath temple) ৷ ৰত্ন ভাণ্ডাৰৰ পৰা 138 প্ৰকাৰৰ ভিন্ন অলংকাৰ ক্ৰয় কৰি সজোৱা হয় ভগৱান জগন্নাথৰ মূৰ্তি ৷

12th century Sri Jagannath temple
সোণবৰণীয়া হৈ পৰিল জগন্নাথৰ মূৰ্তি

নেশ্যনেল ডেস্ক, 10 জুলাই :লাখ লাখ ভক্তৰ সমাগমেৰে দ্বিতীয় বৈকুণ্ঠপুৰীলৈ ৰূপান্তৰিত হ’ল পুৰী ৷ দ্বাদশ শতিকাৰ শ্ৰী শ্ৰী জগন্নাথ মন্দিৰৰ (12th century Sri Jagannath temple) সন্মুখত ভগৱান জগন্নাথ আৰু বলোভদ্ৰ আৰু দেৱী সুভদ্ৰাৰ সোণ বৰণীয়া পোছাক চাবলৈ দেওবাৰে লাখ লাখ ভক্তই ভিৰ কৰেহি তীৰ্থ চহৰ পুৰীত ৷

উল্লেখ্য যে, ৰথ যাত্ৰাৰ সময়ত নদিনীয়া প্ৰবাহৰ পিছত গুণ্ডিচা মন্দিৰৰ পৰা উভতি আহে (Gundicha Temple post nine day sojourn during Ratha Yatra) ৷ তাৰ পিছতে মন্দিৰৰ সেৱকসকলে দেৱতাসকলক বিভিন্ন সোণৰ অলংকাৰেৰে সজাই পৰাই তোলে ।

জানিব পৰা মতে, ভগৱান জগন্নাথক সজাবলৈ সেৱকসকলে ৰত্ন ভাণ্ডাৰৰ পৰা 138 প্ৰকাৰৰ ভিন্ন অলংকাৰ আনিছিল (Servitors brought 138 varieties of ornaments from the Ratna Bhandar)। সেৱকসকলে কেইবা ঘণ্টাজুৰি ভগৱান জগন্নাথক সজাই পৰাই তোলে ৷

তথ্য অনুসৰি, এটা বছৰত পাঁচবাৰ বিভিন্ন সোণৰ আ-অলংকাৰেৰে অতি আটোম-টোকাৰিকৈ সজোৱা হয় ভগৱান জগন্নাথক ৷ বিশেষকৈ বিজয়া দশমী, কাৰ্তিক পূৰ্ণিমা, পৌষ পূৰ্ণিমা, মাঘ পূৰ্ণিমা আৰু অষাধী একাদশীত ভগৱান জগন্নাথক সোণ বৰণীয়া কৰি তোলা হয় ।

লগতে পঢ়ক :কপিলী শান্ত হোৱাৰ কামনাৰে কামপুৰবাসীৰ পূজা-অৰ্চনা

ABOUT THE AUTHOR

...view details