অসম

assam

By

Published : Oct 9, 2021, 4:48 PM IST

ETV Bharat / bharat

লখিমপুৰ খেৰীঃ আমৰণ অনশন ভংগ কৰিলে নৱজ্যোত সিং সিদ্ধুৱে

শনিবাৰে আমৰণ অনশন ভংগ কৰিলে পঞ্জাৱ কংগ্ৰেছৰ সভাপতি নৱজ্যোত সিং সিদ্ধু(Navjot Singh Sidhu)ৱে । লখিমপুৰ খেৰী ঘটনা সন্দৰ্ভত কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী অজয় মিশ্ৰ টেনী(Ajay Mishra Teni)ৰ পুত্ৰ আশিস মিশ্ৰ(Ashish Mishra) আৰক্ষীৰ অপৰাধ শাখাৰ ওচৰত হাজিৰ হোৱাৰ পাচত নৱজ্যোত সিং সিদ্ধুৱে অনশন ভংগ কৰে । লখিমপুৰ খেৰীত মৃত্যু হোৱা সাংবাদিক ৰমন কাশ্যপৰ বাসগৃহত সিদ্ধুৱে শুকুৰবাৰে আমৰণ অনশনত বহিছিল ।

Navjot Singh Sidhu ends hunger strike
আমৰণ অনশন ভংগ কৰিলে নৱজ্যোত সিং সিদ্ধুৱে

নেশ্যনেল ডেস্ক, ৯ অক্টোবৰ: উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীত মৃত্যু হোৱা সাংবাদিক ৰমন কাশ্যপৰ বাসগৃহত আমৰণ অনশন আৰম্ভ কৰা পঞ্জাৱ কংগ্ৰেছৰ সভাপতি নৱজ্যোত সিং সিদ্ধু(Navjot Singh Sidhu)ৱে অৱশেষত অনশন ভংগ কৰিলে । কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী অজয় মিশ্ৰ টেনী(Ajay Mishra Teni)ৰ পুত্ৰ আশিস মিশ্ৰ(Ashish Mishra) আৰক্ষীৰ অপৰাধ শাখাৰ ওচৰত হাজিৰ হোৱাৰ পাচতেই শনিবাৰে অনশন ভংগ কৰে সিদ্ধুৱে । উল্লেখ্য যে, লখিমপুৰ খেৰীত কৃষকৰ প্ৰতিবাদৰ সময়ত সংঘটিত হোৱা হিংসাত্মক ঘটনাত চাৰিজন কৃষকসহ মুঠ আঠজন লোকে প্ৰাণ হেৰুৱাইছিল । কৃষকৰ প্ৰতিবাদৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিক ৰমন কাশ্যপেও এই ঘটনাতে প্ৰাণ হেৰুৱাইছিল ।

এই ঘটনাৰ বাবে বিভিন্ন দল-কৃষক সংগঠনে কেন্দ্ৰীয় মন্ত্ৰী অজয় মিশ্ৰ টেনীৰ পুত্ৰ আশিস মিশ্ৰকে দোষাৰোপ কৰিছে আৰু শাস্তি প্ৰদানৰ দাবী তুলিছে । নৱজ্যোত সিং সিদ্ধুৱে প্ৰতিজ্ঞা কৰিছিল যে, আশিস মিশ্ৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰালৈকে তেওঁ অনশন অব্যাহত থাকিব । সিদ্ধুৱে টুইট কৰি ২০ বছৰীয়া লাভপ্ৰীত সিঙৰ মৃত্যুৰ বিষয়েও উল্লেখ কৰিছিল আৰু ন্যায়ৰ দাবী কৰিছিল । ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে, নৱজ্যোত সিং সিদ্ধুৰ নেতৃত্বত লখিমপুৰ খেৰীলৈ কংগ্ৰেছৰ কৰ্মকৰ্তাই পদযাত্ৰা উলিয়াইছিল ।

কিন্তু প্ৰশাসনে উত্তৰ প্ৰদেশ-হাৰিয়ানাৰ সীমান্তৰ শ্বাহজাহানপুৰত সমদলকাৰীক বাধা প্ৰদান কৰে আৰু নৱজ্যোত সিং সিদ্ধুৰ লগতে আন কেইবাজনো নেতাক জিম্মাত লয় ।

শুকুৰবাৰে কংগ্ৰেছৰ নেতাসকলক মুকলি কৰি দিয়া হয় । লখিমপুৰ খেৰীৰ হিংসাত্মক ঘটনাত নিহত লোকসকলৰ পৰিয়ালৰ সদস্যসকলক সাক্ষাৎ কৰিবলৈ অনুমতিও দিয়া হৈছিল । এই হিংসাত্মক ঘটনাৰ পাচতে ক্ষুদ্ধ কৃষকে লখিমপুৰ খেৰীৰ বনবীৰপুৰৰ ওচৰত দুখন এছ ইউ ভি বাহন জ্বলাই দিয়ে ।

লগতে পঢ়ক:অপৰাধ শাখাৰ কাৰ্যালয়ত উপস্থিত কেন্দ্ৰীয় ৰাজ্যিক গৃহমন্ত্ৰীৰ পুত্ৰ আশীষ মিশ্ৰ টেনী

ABOUT THE AUTHOR

...view details