নেশ্যনেল ডেস্ক, 19 নৱেম্বৰ : উত্তৰ প্ৰদেশৰ লখিমপুৰ জিলাৰ খেৰীত জঘন্য ঘটনা ৷ অভিযোগ অনুসৰি, জিলাখনৰ মাজগনী আৰক্ষী থানা অঞ্চলৰ এখন বিদ্যালয়ত অধ্যয়নৰত এজন ছাত্ৰক মুণ্ডন কৰিলে বিদ্যালয় কৰ্তৃপক্ষই ৷
ছাত্ৰগৰাকীৰ আইতাকে অভিযোগ কৰা অনুসৰি, আইতাকে বিদ্যালয়ৰ মাচুল জমা কৰা নাছিল ৷ যাৰ বাবে তেওঁৰ নাতিৰ মুণ্ডন কৰিছে বিদ্যালয় কৰ্তৃপক্ষই ৷ মুণ্ডন কৰাৰ পাচত ছাত্ৰগৰাকী কান্দি কান্দি অজ্ঞান হৈ পৰে ৷ এই ঘটনাৰ পিচতে ভুক্তভোগীয়ে ন্যায়ৰ বাবে অনুৰোধ জনাইছে ৷
ঘটনাৰ বিৱৰণী অনুসৰি, লোনিয়ান পূবা বাউধিয়া কলন গাঁৱৰ শ্ৰী নেকী ৰাম আদৰ্শ বিদ্যা মন্দিৰত এই ঘটনা সংঘটিত হৈছে ৷ শিশুটি 3য় শ্ৰেণীৰ ছাত্ৰ বুলি জানিব পৰা গৈছে ৷ শিশুটিৰ আইতাকে কোৱা অনুসৰি, দেৱালীৰ পূৰ্বেই শিক্ষকসকলে বৃদ্ধা মহিলাগৰাকীৰ ঘৰলৈ মাচুল বিচাৰি আহিছিল ৷ তেওঁৰ নাতিৰ বাবে 500 টকা মাচুল দিবলৈ অপাৰগ হৈছিল ৷
তাৰ পিচতে শনিবাৰে শিশুটি পুনৰ বিদ্যালয়লৈ যাওঁতে শিক্ষকে বিদ্যালয়ত শিশুটোৰ মুৰটো ধৰি শিশুটিক গুৰুতৰভাৱে প্ৰহাৰ কৰাৰ লগতে মুণ্ডন কৰিছিল ৷ ইয়াতে ক্ষান্ত নাথাকি শিশুটোক বিদ্যালয়ৰ চাৰিওফালে ঘূৰাইছিল ৷ এই ঘটনাৰ পিচতে শিশুটোৱে কান্দি কান্দি ঘৰলৈ উভতি আহে ৷ শিশুটিয়ে ঘৰৰ লোকৰ আগত সকলো ঘটনা কান্দি কান্দি বিৱৰণ দিয়ে ৷
শিশুটিয়ে কান্দি কান্দি অজ্ঞান হৈ পৰাত বৃদ্ধাগৰাকীয়ে বিদ্যালয়লৈ গৈ শিক্ষকগৰাকীক লগ কৰি ঘটনা সন্দৰ্ভত সোধা পোছা কৰে ৷ কিন্তু শিক্ষকজনে ওলোটাই বৃদ্ধাগৰাকীক গালি-গালাজ পাৰি বিদ্যালয়ৰ পৰা বাহিৰ কৰি দিছিল ৷ এই ক্ষেত্ৰত, বৃদ্ধ মহিলাগৰাকীয়ে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰাৰ লগতে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে, কিন্তু আৰক্ষীয়ে এই ক্ষেত্ৰত এতিয়ালৈ কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে ৷
পালিয়া চিঅ’ অৰবিন্দ বাৰ্মাই কয় যে, এখন বিদ্যালয়ৰ পৰা এটি শিশুৰ মুণ্ডন কৰাৰ ঘটনা পোহৰলৈ আহিছে ৷ তথ্য অনুসৰি, শিশুটোৰ মূৰত যথেষ্ট উকনি আছিল ৷ শিক্ষকসকলে পৰিয়ালৰ সদস্যসকলৰ সৈতে কথা পাতিছিল আৰু মুণ্ডন কৰাৰ কথা কৈছিল ৷ শিক্ষকসকলে নাপিতক ফোন কৰি মাতি বিদ্যালয়তে শিশুটোৰ মুণ্ডন কৰিছিল যাতে শিশুটোৰ মূৰত উকনি নাথাকে ৷ মাচুল সম্পৰ্কে কোনো প্ৰতিবেদন দিয়া হোৱা নাছিল ৷
লগতে পঢ়ক:দীপৰ বিলত ৰাইজিং ছান ৱাটাৰ ফেষ্ট-ৰিভিজিটিং শৰাইঘাট শীর্ষক জলক্রীড়া মহোৎসৱ