অসম

assam

ETV Bharat / bharat

লখিমপুৰ খেৰীৰ ঘটনা সু-পৰিকল্পিত আছিল : SIT - মুখ্য ন্যায়িক দণ্ডাধীশৰ ওচৰত নতুন আবেদন দাখিল

উত্তৰ প্ৰদেশৰ লখিমপুৰৰ খেৰীত সংঘটিত হোৱা হিংসাত্মক ঘটনা সন্দৰ্ভত বিশেষ তদন্তকাৰী দলে মুখ্য ন্যায়িক দণ্ডাধীশৰ ওচৰত এখন নতুন আবেদন দাখিল কৰিছে (SIT filed application on Lakhimpur Kheri incident) । এই ঘটনাৰে জড়িত ১৩ জন অভিযুক্তৰ বিৰুদ্ধে হত্যাৰ চেষ্টা চলোৱাৰ অভিযোগ ৷

Lakhimpur Kheri incident
লখিমপুৰ খেৰীৰ হিংসাত্মক ঘটনাক সুপৰিকল্পিত ঘটনা আখ্যা বিশেষ তদন্তকাৰী দলৰ

By

Published : Dec 14, 2021, 12:16 PM IST

নেশ্যনেল ডেস্ক, ১৪ ডিচেম্বৰ: যোৱা ৩ অক্টোবৰত লখিমপুৰ খেৰীত সংঘটিত হোৱা ঘটনা সু-পৰিকল্পিত আৰু ইচ্ছাকৃত আছিল (Lakhimpur Kheri violence investigation update) । এই মন্তব্য কৰিছে লখিমপুৰ খেৰীৰ হিংসাত্মক ঘটনাৰ তদন্ত চলাই থকা বিশেষ তদন্তকাৰী বিষয়া (SIT on Lakhimpur Kheri incident) বিদ্যাৰাম দিবাকৰে ।

শেহতীয়াকৈ ১৩ জন অভিযুক্তৰ বিৰুদ্ধে হত্যাৰ চেষ্টা চলোৱাৰ অভিযোগ তুলি মুখ্য ন্যায়িক দণ্ডাধীশৰ ওচৰত এখন নতুন আবেদন দাখিল কৰিছে বিশেষ তদন্তকাৰী দলে । এই গোচৰত নতুন ধাৰা সন্নিৱিষ্ট কৰাৰ বাবে বিশেষ তদন্তকাৰী দলে মুখ্য ন্যায়িক দণ্ডাধীশ আহ্বান জনাইছে ।

আবেদনখনৰ জৰিয়তে অভিযুক্তৰ বিৰুদ্ধে হত্যাৰ চেষ্টা কৰাৰ অভিযোগ তুলি তেওঁলোকে কৰা অপৰাধ দণ্ডযোগ্য কৰাৰ আহ্বান জনোৱা হৈছে । যোৱা সপ্তাহত বিশেষ তদন্তকাৰী বিষয়া বিদ্যাৰাম দিবাকৰে ভাৰতীয় দণ্ডবিধিৰ ২৭৯, ৩৩৮ আৰু ৩০৪ নং ধাৰাৰ পৰিৱৰ্তে ৱাৰেণ্টত নতুন ধাৰা যোগ দিয়াৰ বাবে আদালতত আবেদন দাখিল কৰে । তেওঁৰ আবেদনখনত উল্লেখ কৰা হৈছে যে, এই ঘটনা সুপৰিকল্পিত আৰু ইচ্ছাকৃত আছিল । এই হিংসাত্মক ঘটনাক অনিচ্ছাকৃতভাৱে সংঘটিত হোৱা অঘটন আখ্যা দিব নোৱাৰি বুলি আবেদনখনত উল্লেখ কৰা হৈছে ।

ভাৰতীয় দণ্ডবিধিৰ ৩৪৭ নং (attempt to murder), ৩২৬ নং (Voluntarily causing grievous hurt by dangerous weapons or means) আৰু ৩৪ নং(Acts done by several persons in furtherance of common intention) ধাৰা যোগ দিবলৈ বিশেষ তদন্তকাৰী দলে আদালতক আহ্বান জনাইছে ।

উল্লেখ্য যে, যোৱা ৩ অক্টোবৰত লখিমপুৰ খেৰীত কেন্দ্ৰীয় মন্ত্ৰী অজয় মিশ্ৰ টেনিৰ পুত্ৰ আশীষ মিশ্ৰৰ বিলাসী এছইউভি বাহনে মহতিয়াই নিছিল কেইবাজনো প্ৰতিবাদকাৰী কৃষকক । এই ঘটনাত চাৰিজন প্ৰতিবাদকাৰী কৃষকসহ মুঠ আঠজন লোকৰ মৃত্যু হয় । এই হিংসাত্মক ঘটনাত এজন স্থানীয় সাংবাদিকেও প্ৰাণ হেৰুৱাইছিল ।

বিশেষ তদন্তকাৰী দলে এতিয়ালৈকে ঘটনাত জড়িত থকাৰ অভিযোগত আশীষ মিশ্ৰ, লৱকুশ, আশীষ পাণ্ডে, শেখৰ ভাৰতী, অংকিত দাস, লতিফ, শিশুপাল, নন্দন সিং, সত্যম ত্ৰিপাঠী, সুমিত জয়ছোৱাল, ধৰ্মেন্দ্ৰ বাঞ্জাৰা, ৰিংকু ৰাণা আৰু উল্লাস ত্ৰিবেদীক গ্ৰেপ্তাৰ কৰিছে । তেওঁলোক বৰ্তমান লখিমপুৰ খেৰীৰ জিলা কাৰাগাৰত বন্দী হৈ আছে ।

আনহাতে, এলাহাবাদ উচ্চ ন্যায়ালয়ৰ লক্ষ্ণৌ বিচাৰপীঠে ৰাজ্য চৰকাৰক আশীষ মিশ্ৰৰ জামিন আবেদন সন্দৰ্ভত শপতনামা দাখিল কৰিবলৈ দুসপ্তাহৰ সময়সীমা নিৰ্ধাৰণ কৰি দিছে । গোচৰটোৰ শুনানিৰ সময়ত, অতিৰিক্ত অধিবক্তা জেনেৰেল বিনোদ শ্বাহীয়ে অব্যাহত থকা তদন্তৰ বিষয়ে আদালতক অৱগত কৰে । শ্বাহীয়ে আদালতক জনায় যে, বহুসংখ্যক সাক্ষীৰ ভাষ্য এতিয়াও লিপিবদ্ধ কৰিবলৈ বাকী আছে ।

লগতে পঢ়ক: Militant attack in Srinagar : অচিনাক্ত বন্দুকধাৰীৰ গুলীবৰ্ষণত আহত 14 গৰাকী আৰক্ষী

ABOUT THE AUTHOR

...view details