নেশ্যনেল ডেস্ক, ২০ অক্টোবৰ: যোৱা ৩ অক্টোবৰত উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰী(Lakhimpur Kheri)ত সংঘটিত হিংসাত্মক ঘটনা সম্পৰ্কীয় শুনানি স্থগিত কৰিলে উচ্চতম ন্যায়ালয়ে । এই ঘটনা সন্দৰ্ভত দাখিল কৰা ৰাজহুৱা স্বাৰ্থ জড়িত আবেদনৰ শুনানি ২৬ অক্টোবৰত গ্ৰহণ কৰিব আদালতে । বুধবাৰে সৰ্বোচ্চ ন্যায়ালয়ে এই গোচৰ সন্দৰ্ভত উত্তৰ প্ৰদেশ চৰকাৰকো সমালোচনা কৰে । মুখ্য ন্যায়াধীশ এন ভি ৰমনাৰ বিচাৰপীঠে কয় যে, আদালতে ধাৰণা কৰিছে যে, চৰকাৰে এই ঘটনাৰ তদন্ত প্ৰক্ৰিয়া আগবঢ়াই নিয়াত বিশেষ আগ্ৰহ প্ৰকাশ কৰা নাই ।
এই মনোভাৱ সলনি কৰিবলৈও উত্তৰ প্ৰদেশ চৰকাৰক সকীয়াই দিয়ে বিচাৰপীঠে । লগতে ন্যায়িক দণ্ডাধীশৰ সন্মুখত লখিমপুৰ খেৰী ঘটনাৰ আন সাক্ষীসকলৰ জবানবন্দী ল'বলৈ উত্তৰ প্ৰদেশ আৰক্ষীক নিৰ্দেশ দিয়ে । উল্লেখ্য যে, উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীত সংঘটিত হিংসাত্মক ঘটনাত চাৰিজন কৃষকসহ মুঠ আঠজন লোকে প্ৰাণ হেৰুৱাইছিল । কৃষকৰ প্ৰতিবাদী কাৰ্যসূচী চলি থকাৰ সময়তে দ্ৰুতবেগী বাহনে তেওঁলোকক মহতিয়াই নিয়ে ।