নেশ্বনেল ডেস্ক, 29 অক্টোবৰ : ভাৰতীয় টেনিছ তাৰকা তথা ১৮ বাৰৰ গ্ৰেণ্ড শ্লেম চেম্পিয়ন লিয়েণ্ডাৰ পেজে শুকুৰবাৰে গোৱাত দলটোৰ শীৰ্ষতম নেত্ৰী তথা পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ উপস্থিতিত তৃণমূল কংগ্ৰেছত যোগদান কৰে ৷ গোৱাত এখন সংবাদমেলত পেজক দললৈ স্বাগতম জনাই মুখ্যমন্ত্ৰীয়ে তেওঁক তেওঁৰ মৰমৰ সৰু ভায়েক বুলি অভিহিত কৰে । মমতা বেনাৰ্জী বৃহস্পতিবাৰে সন্ধিয়াৰ পৰা গোৱা ভ্ৰমণত আছে আৰু পশ্চিম ভাৰতৰ এই উপকূলীয় ৰাজ্যখনত আগন্তুক বিধানসভা নিৰ্বাচনৰ পটভূমিত তেওঁ তথা দলে কেইবাটাও কাৰ্যসূচী ৰূপায়ণ কৰাৰ সম্ভাৱনা দেখা হৈছে ।
দেশত ফেডাৰেল শাসন ব্যৱস্থ বৰ্তি থকাটো বিচাৰে বুলি সজোৰে মন্তব্য প্ৰকাশ কৰে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ তেওঁ লগতে কয় যে, তেওঁ ৰাজ্যসংঘ বিচাৰে । কেন্দ্ৰীয় চৰকাৰে গোৱাৰ উন্নয়নৰ বাবে বাধাৰ সৃষ্টি কৰিছে বুলিও আওপকীয়াকৈ দাবী কৰে মমতাই ৷ তেওঁ লগতে কয় যে, দিল্লীৰ সৰ্বময়কৰ্তা স্বৰূপ বন্ধ হ'ব লাগে আৰু গোৱাৰ লোকসকলক তেওঁলোকৰ নিজৰ কাম-কাজ পৰিচালনা কৰিবলৈ অনুমতি দিব লাগে ৷