অসম

assam

By

Published : May 31, 2022, 8:45 PM IST

ETV Bharat / bharat

Lady teacher shot dead: বিদ্যালয়ৰ ভিতৰতে গুলীয়ালে শিক্ষয়িত্ৰীক

জম্মু-কাশ্মীৰত চাঞ্চল্যকৰ ঘটনা ৷ স্কুলৰ ভিতৰতে গুলীয়াই হত্যা শিক্ষয়িত্ৰীক ৷ কুলগাম জিলাৰ গোলাপোৰা অঞ্চলৰ এখন হাইস্কুলত সংঘটিত হৈছে এই ঘটনা (school teacher shot dead in Kulgam) ৷

Lady teacher shot dead
বিদ্যালয়ৰ ভিতৰতে গুলীয়ালে শিক্ষয়িত্ৰীক

নিউজ ডেস্ক, 31 মে’: জম্মু-কাশ্মীৰৰ কুলগাম জিলাৰ গোলাপোৰা অঞ্চলৰ এখন হাইস্কুলত এগৰাকী শিক্ষয়িত্ৰীক গুলীয়াই হত্যা (Lady Teacher Shot Dead By Terrorists) ৷ মঙলবাৰে পুৱা কোনো অচিনাক্ত সন্ত্ৰাসবাদীয়ে গুলীয়াই হত্যা কৰে শিক্ষয়িত্ৰীগৰাকীক ৷ গুলীবিদ্ধ শিক্ষয়িত্ৰীগৰাকীক ওচৰৰে এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসাধীন অৱস্থাতে তেওঁৰ মৃত্যু ঘটে ৷

শিক্ষয়িত্ৰীগৰাকী জম্মুৰ ছাম্বা জিলাৰ ৰজনী বালা বুলি জানিব পৰা গৈছে ৷ মহিলাগৰাকীৰ মৃত্যুৰ সৈতে মে’ মাহত দুগৰাকী অ-মুছলিম চৰকাৰী চাকৰিয়ালক হত্যা কৰা হ’ল কাশ্মীৰ উপত্যকাত ৷ সাতগৰাকী লোকক হত্যাৰ লক্ষ্য কৰা হৈছিল চলিত মাহত (Jammu and Kashmir crime news)৷

এগৰাকী আৰক্ষী বিষয়াই জানিবলৈ দিয়া মতে, সমগ্ৰ অঞ্চলটো ঘেৰাও কৰি বৰ্তমান হত্যাকাৰীৰ সন্ধানত অভিযান চলাই থকা হৈছে ৷ অতিশীঘ্ৰেই এইসকলক চিনাক্ত কৰি উপযুক্ত শাস্তি প্ৰদান কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে (Kulgam teacher killing news) ৷

নিৰস্ত্ৰ নাগৰিকসকলৰ ওপৰত সংঘটিত শেহতীয়া আক্ৰমণৰ এক দীঘলীয়া তালিকাত এইটো আন এটা হত্যা ৷ পৰিস্থিতি স্বাভাৱিক নোহোৱালৈকে চৰকাৰে বিশ্ৰাম নলয় আৰু দোষীক উপযুক্ত শাস্তি প্ৰদান কৰা হ’ব বুলি টুইটাৰযোগে প্ৰকাশ কৰে ওমৰ আব্দুল্লাই ৷

মে’ মাহত অ-মুছলমান চৰকাৰী কৰ্মচাৰীৰ এইটো দ্বিতীয় হত্যাকাণ্ড ৷ ১২ মে'ত, ৰাহুল ভাট নামৰ এজন কেৰাণীক বুদগাম জিলাৰ চাদুৰা তহচিলত কাৰ্যালয়ৰ ভিতৰতে গুলীয়াই হত্যা কৰা হৈছিল । এই মাহত কাশ্মীৰত সংঘটিত সাতটা হত্যাকাণ্ডৰ ভিতৰত তিনিজন ভুক্তভোগী আছিল অফ-ডিউটি আৰক্ষী আৰু চাৰিজন সাধাৰণ নাগৰিক ৷

লগতে পঢ়ক :Former Tripura Minister came under attack : দুৰ্বৃত্তৰ আক্ৰমণৰ পৰা কথমপি প্ৰাণৰক্ষা প্ৰাক্তন মন্ত্ৰী ৰতন ভৌমিকৰ

ABOUT THE AUTHOR

...view details