অসম

assam

ETV Bharat / bharat

কইনাৰ পক্ষই বৰযাত্ৰীক লাড়ুৰ যোগান ধৰিব নোৱাৰাৰ বাবেই মণ্ডপ ত্যাগ দৰাৰ - বিয়াৰ বতৰত লাড়ু বিতৰ্ক

সকলো ৰীতি-নীতিৰ মাজেৰেই চলি আছিল বিবাহ অনুষ্ঠান ৷ বৰযাত্ৰীক যিমান সম্ভৱ ভালদৰেই আপ্যায়ন কৰিলে কইনা পক্ষই ৷ ইয়াৰ মাজতে, বৰযাত্ৰীসকলে আপ্যায়নৰ দায়িত্বত থকা সকলক আন খাদ্যৰ লগতে লাড়ু বিচাৰে ৷ কিন্তু, বৰযাত্ৰীক দিবলৈ লাড়ু নোহোৱাৰ কথা যেতিয়াই কইনাৰ পক্ষই জানিবলৈ দিয়ে এক সুকীয়া পৰিস্থিতিৰ সৃষ্টি হয় সবিশেষ জানো আহক (Laddu created a ruckus in marriage in Mungeli) ৷

laddu-created-a-ruckus-in-marriage-in-mungeli
কইনাৰ পক্ষই বৰযাত্ৰীক লাড়ুৰ যোগান ধৰিব নোৱাৰাৰ বাবেই মণ্ডপ ত্যাগ দৰাৰ

By

Published : Apr 26, 2022, 8:42 PM IST

নেচনেল ডেস্ক, 26 এপ্ৰিল :এতিয়া বিয়াৰ বতৰ ৷ বিয়াৰ মাদকতাৰ মাজতো প্ৰায়েই দেখা যায় দৰা আৰু কইনাঘৰৰ লোকৰ মাজৰ মনৰ সংঘাত ৷ আজি আপোনাৰ বাবে আমি লৈ আনিছো এনে এখন বিয়া য’ত এটা সৰু কথাৰ বাবেই খং কৰি বিয়াত বহিবলৈ অস্বীকাৰ কৰে ৷ ঘটনাটো ইমানেই গভীৰ হৈ পৰে যে, কথা গৈ আৰক্ষী চকী পালে ৷ কিন্তু, এই সংঘাত কেনেকৈ নো সংঘটিত হ’ল তাৰো আছে এক আমোদজনক কাহিনী ৷ যি কাহিনী শুনিলে হতবাক হোৱাৰ পাল পৰিব আপোনাৰো ৷

ঘটনা অনুসৰি, ছত্তিশগড়ৰ মুংগেলি জিলাৰ চাৰভাটাৰ বাসিন্দা ৰামভজ চাহুৰ জীয়ৰী কুন্তীৰ বেমেটাৰাৰ বাসিন্দা গুণীৰাম চাহুৰ পুত্ৰ সুৰজ চাহুৰ সৈতে বিবাহ অনুষ্ঠান আয়োজিত হয় ৷ নিৰ্ধাৰিত সময়ত বেমেটাৰাৰ মুৰ্তা গাঁৱৰ পৰা আহিল বৰযাত্ৰী সকল ৷ সকলো ৰীতি-নীতিৰ মাজেৰেই চলি থাকিল বিবাহ অনুষ্ঠান ৷ বৰযাত্ৰীৰ লগতে তেওঁলোকৰ সৈতে জড়িত সকলোকে যিমান সম্ভৱ ভালদৰেই আপ্যায়ন কৰিলে কইনা পক্ষই ৷ আন অতিথিতকৈ পৃথকভাৱেই আপ্যায়ন কৰা হৈছিল বৰযাত্ৰীসকলক ৷

ইয়াৰ মাজতে, বৰযাত্ৰীসকলে আপ্যায়নৰ দায়িত্বত থকা সকলক আন খাদ্যৰ লগতে লাড়ু বিচাৰে ৷ কিন্তু, বৰযাত্ৰীক দিবলৈ লাড়ু নোহোৱাৰ কথা কইনাৰ পক্ষই জানিবলৈ দিয়ে ৷ ক্ষোভিত হৈ পৰে অতিথি সকল, বিষয়টো বাঢ়ি গৈ মাৰ-পিটৰ ৰূপ লয় আৰু ইয়াৰ ফলত দৰাজনে বিয়াত বহিবলৈ অস্বীকাৰ কৰি মণ্ডপ ত্যাগ কৰে (Groom refuses to marry in Mungeli ) ৷ পিচত উভয় পক্ষই ইজনে সিজনৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিবলৈ কোতৱালী আৰক্ষী থানাত উপস্থিত হয় (Mungeli Kotwali Police ) ৷

দৰাৰ পক্ষই কইনাৰ পক্ষৰ বিৰুদ্ধে আক্ৰমণৰ অভিযোগ দাখিল কৰিব বিচাৰিছিল যদিও আৰক্ষী বিষয়া গৰাকীয়ে প্ৰথমেই গোচৰটোৰ আঁৰৰ কথাখিনি বুজিব পাৰে। আৰক্ষীয়ে দুয়োটা পৰিয়ালকে একলগে বহুৱাই বুজাই দিলে যে এই কাৰ্যই দুয়োটা পৰিয়ালৰ সৈতে গাওঁখনক বদনাম কৰিব । এটা সৰু বিষয়ত দুটা পৰিয়ালৰ মাজত গঢ়ি উলিওৱা নতুন সম্পৰ্কটো সমাপ্ত কৰাটো সঠিক নহয় । বুজনিৰ পিচত অৱশ্যে দুয়োটা পৰিয়ালে নতুনকৈ সকলো আৰম্ভ কৰাৰ বাবে সন্মত হয় আৰু দৰাজনেও মণ্ডপলৈ ঘূৰি আহি বিয়াত বহে ৷

লগতে পঢ়ক :Discrepancy in ration shop stores : ত্ৰিপুৰাত দুখনকৈ সুলভ মূল্যৰ দোকানত লাগিল তলা

ABOUT THE AUTHOR

...view details